Begin typing your search above and press return to search.

গুৱাহাটীৰ সামগ্ৰিক উন্নয়নত বিভাগসমূহৰ ভূমিকা

গুৱাহাটীৰ সামগ্ৰিক উন্নয়নত বিভাগসমূহৰ ভূমিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Jun 2019 9:03 AM GMT

গুৱাহাটীৰ বিকাশৰ ক্ষেত্ৰত জৰিত থকা বিভাগসমূহৰ এটাই আনটো বিভাগৰ লগত সহযোগ নথকাৰ কাৰণে, বিভাগসমূহে এটাই আনটোক দোষাৰূপ পৰাত ব্যস্ত হৈ পৰিছে ৷ গুৱাহাটী মহানগৰীৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে কাম কৰা বিভাগসমূহৰ ভিতৰত আছে গুৱাহাটী পৌৰ সভা,জি এম ডি এ,টাউন এণ্ড প্লেনিং ডিপাৰ্টমেন্ট,পি ডব্লিউ ডি,পি এইচ ই,এ এচ ই বি,ভাৰত সঞ্চাৰ নিগম লিমিটেড,অন্যান্য দুৰসঞ্চাৰ বিভাগ,জল সম্পদ বিভাগ আদি ৷ কিন্তু এই বিভাগসমূহৰ সহযোগিতাৰ অভাৱৰ কাৰণে হাৰাশাস্তিৰ সন্মুখীন হয় জনসাধাৰণ ৷

যেতিয়া এই বিভাগসমূহে বিভাগীয় কাম কৰে,তেতিয়া অন্য এটা বিভাগে সেই কামত সহযোগ নকৰে। আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে হৈ থকা এই বিষয় সমূহ উপেক্ষা কৰে বিভাগীয় কৰ্তৃপক্ষই । যেতিয়া পি ডব্লিউ ডিয়ে এটা পথ নিৰ্মাণ কৰে ৷ তেতিয়া টেলিকম কম্পেনিয়ে কেবল বহুৱাৰ নামত পথটো খান্দি জনসাধাৰণক অসুবিধাত পেলাই।

ইফালে এনেদৰে টেলিকম কম্পেনিয়ে পথটো খান্দি পথৰ কাষত জমা কৰোৱা মাটি সমূহ দীৰ্ঘদিন ধৰি ৰাখি থয় ৷ অন্যহাতে বিদ্যুত বিভাগেও এনেদৰে পথ খান্দি নিজৰ বিভাগৰ কাম কাজ কৰে ৷ উদাহৰণ স্বৰূপে গুৱাহাটীৰ খাৰঘূলিৰ এটি পথত জল সম্পদ বিভাগৰ পাইপ বহুৱাৰ কাৰণে খান্দে যদিও, ক্ষতিগ্ৰস্ত পথটো এতিয়াও মেৰামতি কৰা নাই ৷

উল্লেখ্য যে এনেধৰণৰ কাম কাজবোৰ জি এম ডি য়ে চোৱা চিতা কৰে ৷ বিভাগটোৰ এনেধৰণ কৰ্মই সাধাৰণ জনগনক বিপদত পেলাই। ঠিক তেনেদৰে চাৰি মাহ পূৰ্বে গুৱহাটীৰ জয়ানগৰত পি ডব্লিউ ডিয়ে পানীৰ পাইপ বহুৱাৰ কাৰণে এটি পথ খান্দে ৷কিন্তু পৰিতাপৰ কথা যে এতিয়ালৈকে পথটোৰ মেৰামতি কৰা হোৱা নাই ৷ অন্যহাতে এনেধৰণৰ পৰিস্থিতি ৰাজ্যৰ অন্যান্য চহৰসমূহতো দেখা যায়। গুৱাহাটীক সকলো ফালৰ পৰা স্মাট চিটী হিচাপে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷কিন্তু কোনো ধৰণৰ স্মাৰ্ট নীতি নোলোৱাকৈ গুৱাহাটীক স্মাৰ্ট চিটী হিছাপে গঢ়ি তোলাটো বাস্তৱত ৰূপায়িত হ’বনে? বিভাগীয় কৰ্তৃপক্ষই এটা বিভাগে আনটো বিভাগে দোষ বিছাৰি থকাকৈ,সকলোৱে একত্ৰিত কিয় নহয়?

ইফালে বিভাগীয় কৰ্তৃপক্ষসমূহৰ এক অজুহাত হ’ল যে তেওঁলোকে চৰকাৰৰ পৰা পুঁজি পোৱাৰ লগ লগে বিকাশৰ কাম কাজ সমূহ কৰিব ৷ অৱশ্যে সকলো বিভাগক একেটা সময়তে পুঁজিসমূহ মোকলাই নিদিয়ে ৷ সেয়েহে অন্য বিভাগৰ লগত একেসময়তে কাম কৰাৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে এই বিষয়সমূহে অধ্যয়ন কৰাৰ পিছত চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি