Begin typing your search above and press return to search.

ৰাজ্যৰ বাহিৰত আবদ্ধ ৮৬,০০০ ব্যক্তিলৈ অসম চৰকাৰৰ ১৭.২০ কোটি টকা: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ বাহিৰত আবদ্ধ ৮৬,০০০ ব্যক্তিলৈ অসম চৰকাৰৰ ১৭.২০ কোটি টকা: হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2020 8:10 AM GMT

ৰাজ্যৰ বাহিৰত আবদ্ধ ৮৬,০০০ ব্যক্তিলৈ অসম চৰকাৰৰ ১৭.২০ কোটি টকা: হিমন্ত বিশ্ব শৰ্মা। ৰাজ্য চৰকাৰে অসমৰ বাহিৰত লক-ডাউনৰ ফলত আবদ্ধ ৮৬,০০০ লোকৰ একাউণ্টত ১৭.২০ কোটি টকা জমা কৰিছে। অসমৰ বাহিৰত আৱদ্ধ এনে প্ৰত্যেক ব্যক্তিলৈ ৰাজ্য চৰকাৰে ২০০০টকাকৈ সাহায্য আগবঢ়াইছে।

সোমবাৰে অসম কেয়াৰ যোজনা মুকলি কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এই একেই সাহায্য আৰু অধিক লোকেও পাব যেতিয়া তেওঁলোকৰ নথিপত্ৰ সত্যাপন কৰা হ'ব । ৰাজ্যৰ বাহিৰত কেইজন লোকে কাম কৰি আছে সেঈ সম্পৰ্কে আমাৰ হাতত সঠিক তথ্য আছে ।‌ এই তথ্যসমূহে লক-ডাউনৰ পিছত কেতিয়া তেওঁলোক অসমলৈ আহিব সেয়া জনাত সহায় কৰাৰ লগতে তেওঁলোকক কোৱাৰেন্টাইনত ৰখা হ'ব । এই তথ্য সমূহ ইতিমধ্যে আমি সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছো "।

তেওঁ লগতে কয়, " বৰ্তমানলৈকে ৰাজ্যৰ বাহিৰত থকা লোকৰ পৰা আমি ৯.৫০ লাখ‌ মিছডকল পাইছো। তাৰ ভিতৰত ২.২৪ লোকে ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় সাহায্য দাবী কৰিছে আৰু উচিত প্ৰক্ৰিয়াৰে আবেদনপত্ৰ জমা কৰিছে ।‌ আমি ইতিমধ্যে ১.০২ লাখ এনে আবেদনপত্ৰৰ সত্যাপন কৰিছো আৰু ৯৯,৭৫৮ আবেদন যোগ্য বুলি বিবেচিত হৈছে ।‌ আমি আজি ২০০০ কৈ ৮৬,০০০ ব্যক্তিক এই ৰাশি প্ৰদান কৰিছো । আমি যোগ্য ব্যক্তিৰ সত্যাপন হ'লে আৰু ২০০০ কৈ জমা কৰিম " ।

“প্ৰথমে আমাৰ হাতত কোনো ধৰণৰ তথ্য নাছিল যে অসমৰ কিমানলোক ৰাজ্যৰ বাহিৰত কাম কৰে । এতিয়া আমি জানিবলৈ সক্ষম হৈছো যে অসমৰ ৬৮,০০০ লোক কৰ্ণাটকত কাম কৰে ৩৬,০০০ লোক তামিল নাডুত, ৩৪,০০০ লোক কেৰেলাত, ২১,০০০ লোক মহাৰাষ্ট্ৰ আৰু অন্য ৰাজ্যত কৰ্মৰত অৱস্থাত আছে ।‌লকডাউন শেষ হোৱাৰ পিছতেই তাৰ প্ৰায়ভাগ লোক অসমলৈ আহিব । আমি লাভ কৰা তথ্যৰ সহায়ত তেওঁলোকক উলিয়াব পাৰিম আৰু কোৱাৰেন্টাইনত ৰাখিব পাৰিম"-তেওঁ এইদৰে কয়।

অন্য খবৰৰ বাবে পঢ়ক: শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story