Begin typing your search above and press return to search.

বীমা সুৰক্ষাত ৫০০ কোটি টকাৰ দুৰ্নীতি: চিবিআইৰ তদন্ত

বীমা সুৰক্ষাত ৫০০ কোটি টকাৰ দুৰ্নীতি: চিবিআইৰ তদন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 4:39 AM GMT

ৰাজ্যত বীমা সুৰক্ষাৰ লগত হোৱা দুৰ্নীতিৰ শিকলিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই দুৰ্নীতিৰ শিকলিত জৰিত হৈ আছে চৰকাৰী চিকিৎসক,বেংকৰ বিষয়া ৷ জীৱিত ব্যক্তিক মৃত সজাই কৰা এই দুৰ্নীতিত প্ৰায় ৫০০ টকাৰ দুৰ্নীতি জৰিত হৈ আছে ৷অসমীয়া য়ুৱ মঞ্চৰ সাধাৰণ সম্পাদক জীতুল ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫০০ টকাৰ দুৰ্নীতিৰ তদন্ত কৰিবৰ কাৰণে এখন প্ৰতিবেদন দাখিল কৰিছে ৷

জীতুল ডেকাই বিচাৰে যে এই তদন্ত কৰক চিবিআইয়ে ৷এই প্ৰতিবেদনৰ আশ্ৰয় লৈয়ে বৰপেটা আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰিছে । ইফালে এই তদন্তৰ আওঁতাত কিছুমান গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয় ৷য’ত প্ৰায় তিনিজন চৰকাৰী চিকিৎসকৰ লগতে ২০ জন লোক গ্ৰেপ্তাৰ হয় ৷ ইয়াৰ ভিতৰত আছে চেঙাৰ ড° নুৰুল ডেকা ৷

বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনসাধাৰণৰ হিতৰ কাৰণে দাখিল কৰা প্ৰতিবেদনৰ শুনানিৰ পিছত অসমীয়া যুৱ মঞ্চই সাধাৰণ সম্পাদক নুৰুল ডেকাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ কাৰণে তিনি সপ্তাহ বিছাৰিছে ৷বৰপেটা জিলাত এই বীমা দুৰ্নীতি হোৱাৰ উপৰিও ৰাজ্যত অন্যান্য প্ৰান্ততো বেংকৰ বিষয়া,চিকিৎসকে দুৰ্নীতি সংঘটিত কৰিছে ৷

এই বীমা দুৰ্নীতিৰ কিছুমান মৃত ব্যক্তিৰ নামেৰে টকা আত্মসাৎ কৰে ।তেওঁলোকে ইয়াৰ কাৰণে বেংকৰ বহী আৰু পেন কাৰ্ড আৰু অন্যান্য তথ্য পাতি ব্যৱহাৰ কৰে ৷যেতিয়া সকলো কাৰ্য ভৱা মতে সিদ্ধি হয় তেতিয়া মৃত ব্যক্তিজনৰ মৃত্যু প্ৰমাণ পত্ৰ দেখুৱাই ধন আত্মসাৎ কৰে ৷ আটাইতকৈ চাঞ্চল্যকৰ তথ্য এয়ে যে কিছুমান লোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনিৰ লাভালাভ উঠাবৰ কাৰণে নিজৰ পত্নীকো মৃত সজাই। গতিকে এনেধৰণে বীমা সুৰক্ষাৰ লগত জৰিত থকা দুৰ্নীতিৰ শিকলি ডাল যদি অনতি পলমে উৎখাত নকৰে তেন্তে অনাগত দিনত পৰিস্থিতি আৰু অধিক ভয়াবহ হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক:উলংঘা নকৰিব নতুন যান বাহন আইন: অন্যথা দিব লাগিব অধিক প্ৰিমিয়াম

ভিডিঅ প্ৰতক্ষ্য কৰক:Three vehicles vandalized during Tazia Procession in Dibrugarh | The Sentinel News | Assam News

Next Story
চাকৰি