Begin typing your search above and press return to search.

শাসক দলৰ বিধায়কে এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে

শাসক দলৰ বিধায়কে এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Aug 2019 6:42 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহুতো লোক বাদ পৰাৰ সন্দৰ্ভত শাসক আৰু বিৰোধী দলৰ মাজত বাক-বিতন্দা কৰাৰ সময়ত শাসক দলে এন আৰ চি সমন্বয়কাৰী প্ৰতিক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লয়। বৃহস্পতিবাৰে অসম বিধানসভাত শাসক আৰু বিৰোধীৰ মাজত এই সম্পৰ্কে আলোচনা কৰা পৰিলক্ষিত হৈছিল । এন আৰ চিৰ বহুতো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । সদনত এই সন্দৰ্ভত শাসক আৰু বিৰোধীৰ মাজত বাকযুদ্ধ হোৱা পৰিলক্ষিত হয় ।

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰকাশ কৰে যে, চৰকাৰে এন আৰ চি পুনৰীক্ষণৰ বাবে সময় সীমা বৃদ্ধি কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত যি আবেদন কৰিছিল সেই আবেদন ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে, থলুৱা লোক সকলৰ নাম এন আৰ চিত বাদ পৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যবস্থা গ্ৰহণ কৰিছে, প্ৰতিক হাজেলাই নহয় ।

শূণ্যকালিন ঘন্টাত এন আৰ চিৰ সন্দৰ্ভত আলোচনা কৰা হয়। শাসক দলৰ বিধায়কে প্ৰকাশ কৰে যে, এন আৰ চিৰ পুনৰীক্ষণ ৰ সময় সীমা বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সদস্যয়ে প্ৰকাশ কৰে যে, উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত চলি থকা এন আৰ চিৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব নালাগে ।

শাসক দলৰ মতে , এন আৰ চিত বাংলাদেশ সীমান্তৰ জিলা সমূহৰ ৯৫% লোকৰ নাম অন্তৰ্ভুক্ত হৈছে । পাহাৰীয়া জিলাৰ ১৮% থলুৱা লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে । লগতে তেওঁলোকে কয় যে, নতুন দিল্লী আৰু দিছপুৰে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ বাবে ধন ব্যয় কৰি আছে কিন্তু প্ৰতিক হাজেলাই চৰকাৰক অন্ধকাত ৰাখি কাম কৰি গৈছে বুলি প্ৰকাশ কৰে ।

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰকাশ কৰে যে, " আমি এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলো তেতিয়াহে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছিলো । আনহাতে , সংখ্যালঘুৰ জিলা সমুহৰ ৯৬% লোকৰ নাম এন আৰ চিত অন্তভূক্ত হৈছে । ৰাজ্যিক এন আৰ চি সমন্বয়ক প্ৰতিক হাজেলাই এটা অভিপ্ৰায়ত কাম কৰি আছে । এন আৰ চিত থলুৱা লোকসকল বাদ পৰা ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰিব?

বিজেপিৰ বিধায়ক ডঃ নোমল মমিনে প্ৰকাশ কৰে যে, পাহাৰীয়া জিলাৰ ১৮ % লোক বাদ পৰিছে এন আৰ চিৰ খচৰাত, আনহাতে মাত্ৰ ৫ % লোক সীমান্ত জিলাৰ বাদ পৰিছে । সেয়েহে সন্দেহৰ আবৰ্ত্তত সোমাই পৰিছে । "

অধিক খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসম: এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত

Next Story
চাকৰি