ইনছা আল্লাহত অভিনয় নকৰাৰ সিদ্ধান্ত ছলমান খানৰঃকিন্তু কিয়?

ইনছা আল্লাহত অভিনয় নকৰাৰ সিদ্ধান্ত ছলমান খানৰঃকিন্তু কিয়?

বলীউডৰ অভিনেতা ছলমান খান আৰু আলিয়া ভাট ইনছা আল্লাহ ছবিখনত অভিনয় কৰাৰ খবৰটোৱে সমগ্ৰ অনুৰাগী সকলৰ মাজত চৰ্চা লাভ কৰি আহিছিল। আৰু ছলমান খান আৰু আলিয়া ভাটক একেলগে একেখন স্কীণত চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল চলচ্চিত্ৰ প্ৰেমী সকলে ৷কিন্তু শেহতীয়াকৈ অহা খবৰ অনুসৰি ইন আল্লাহত আলিয়াৰ সৈতে দেখিবলৈ পোৱা নাযাব ছলমান খানক ৷

কাৰণ আলিয়াৰ সৈতে চুম্বনৰ দৃশ্যত অভিনয় কৰিব লগা হোৱাৰ কাৰণে ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ছলমান খানে । ইফালে ছলমান খানে ইনছে আল্লাহৰ কাহিনী অধ্যয়ন কৰোতে চুম্বনৰ দৃশ্যটো আঁতৰাবলৈ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক আহ্বান কৰে । কাৰণ ছলমান খানৰ ছবিসমূহত অভিনেতাগৰাকী এনে ধৰণৰ দৃশ্যৰ পৰা বিৰত থাকে।

কিন্তু ভাঞ্চালীয়ে এই ক্ষেত্ৰত সন্মতি প্ৰদান নকৰাত ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ছলমান খানে। আনহাতে ইনছে আল্লাহ ছবিখনত ছলমান খানে অভিনয় নকৰাৰ সিদ্ধান্তৰ পিছতে ঋত্বিক ৰোশনে অভিনয় কৰিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ইতিমধ্যে ঋত্বিক ৰোশন আৰু ভাঞ্চালীৰ মাজত আলোচনা কৰি আছে বুলি জানিব পৰা গৈছে।

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট সম্প্ৰতি বি টাউনৰ সকলোতকৈ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ৷ সম্প্ৰতি আলিয়া ভাট্টৰ লগত চড়ক ২,ইনছে আল্লাহ,আৰু আৰআৰআৰৰ দৰেই বহু বৃহৎ ছবি আছে। অভিনেত্ৰীগৰাকীয়ে এই ছবিসমূহৰ দৃশ্য গ্ৰহণ অনতি পলমে আৰম্ভ কৰিব ৷ইয়াৰ মাজত আছে ব্ৰহ্মাস্ত আৰু তখত ৷

এক বিশেষ তথ্য অনুসৰি অনাগত বৰ্ষত আলিয়া ভাট্টৰ বহু ছবিয়ে মুক্তি লাভ কৰিব ৷ ইয়াৰে চড়ক ২ মুক্তি লাভ কৰিব ১০ জুলাইত ৷ আৰু আৰআৰআৰে মুক্তি লাভ কৰিব ৩১ জুলাইত ৷যদি ছবিদুখনৰ মুক্তিৰ তাৰিখৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷তেন্তে একে মাহতে দুখন ছবি মুক্তি পাব আলিয়া ভাট্টৰ।

আনহাতে এক বিশেষ খবৰ অনুসৰি ইনচে আল্লাহ মুক্তি পাব ৩১ জুলাইত ৷ গতিকে বলীউডত একে মাহতে তিনিখন ছবি মুক্তি লাভ কৰা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে আলিয়া ভাট্ট।

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ ছবি ব্ৰহ্মাস্তৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰনবীৰ কাপুৰে কয় যে ছবিখনৰ পৰিচালক আয়ান মুখাৰ্জীয়ে এই ছবিখনৰ কাৰণে কঠোৰ শ্ৰম কৰিছে ৷ ছবিখনৰ কাৰণে জীৱনৰ সমস্তখিনি অৰ্পন কৰিছে ৷বিগত ছয়বছৰৰ পৰা ছবিখনৰ কাম কৰি থকা হৈছে ৷আৰু ছবিখনৰ প্ৰত্যেকজন ব্যক্তি ছবিখনৰ লগত অতি আন্তৰিকতাৰে জৰিত হৈ আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Frozen Planet inaugurated in Guwahati | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com