Begin typing your search above and press return to search.

হাতী মানুহৰ সংঘাতৰ সময়তে কাৰ্বি আংলঙত এক প্ৰশংসনীয় পদক্ষেপ

হাতী মানুহৰ সংঘাতৰ সময়তে কাৰ্বি আংলঙত এক প্ৰশংসনীয় পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2019 11:32 AM GMT

হাতী মানুহৰ সংঘাতে বাতৰিৰ শিৰোনামা দখল কৰি থকাৰ সময়তে কাৰ্বি আংলং সীমান্তত একাংশ গঞাই লৈছে এক বিশেষ পদক্ষেপ ৷ গজৰাজক সন্তুষ্ট কৰিবলৈ কাৰ্বি আংলং সীমান্তত একাংশ গঞাই কৰিলে ভূমিদান ৷কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী হাতীখুলি অঞ্চলৰ ৰাইজে হস্তী মানৱৰ সংঘাত ৰোধ কৰিবৰ বাবে গ্ৰহণ কৰিছে অভিনৱ পন্থা।স্থানীয় প্ৰকৃতিপ্ৰেমী যুবক বিনোদ দুলু বৰা আৰু হস্তী বন্ধু নামৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে স্থানীয় কেইবাজনো লোকে বন্যহস্তীৰ বাবে উচৰ্গা কৰিলে নিজৰ ভূমি।

এই খবৰে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ উল্লেখ্য যে, হাতীখুলি অঞ্চলত বন্য হস্তীৰ জাকে প্ৰবেশ কৰে জনাঞ্চলত ৷ ইয়াৰ ফলত বিস্তৰ পৰিমাণৰ কৃষি ভূমি নষ্ট হয় ৷ ইয়াৰোপৰি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ পৰিয়াল পোহ পাল দিয়া কৃষকৰ কৃষিভূমি নষ্ট কৰাৰ লগে লগে হস্তী মানৱৰ সংঘাতৰ সৃষ্টি হয়। কিন্তু এইবাৰ নিজৰ পৰিয়ালৰ বাবে খেতি নকৰে অঞ্চলটোৰ অধিকাংশ কৃষকে।পাহাৰৰ কাষতে থকা দুশ বিঘা মাটিত ধানখেতি কৰিছে বন্যহস্তীৰ বাবে। দুলু বৰা আৰু হস্তীবন্ধু নামৰ সংগঠনটোৰ তত্বাবধানত হস্তী মানবৰ সংঘাট ৰোধ কৰাৰ বাবে গাঁওবাসীয়ে লোৱা অভিনব পদক্ষেপক সকলোৱে শলাগ লৈছে ।

আনহাতে কেৱল যে সকলোৱে মিলি ধানখেতিয়েই কৰিছে এনে নহয় বনৰীয়া হাতীৰ বাবে সংস্থাটোৱে চামগুৰিৰ ননৈ পাহাৰত ৰূপন কৰিছে হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ আৰু গিনি ঘাঁহ।আনহাতে শুক্ৰবাৰে হস্তীবন্ধু নামৰ সংস্থাটোৱে হাতীখুলীত আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ।অনুষ্ঠানত উপস্থিত থাকে বন্যপ্ৰানী তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডে।

অনুষ্ঠানত উপস্থিত থাকি ভূমি দান কৰা লোকসকলক আৰু দুলু বৰাৰ এনে কাৰ্যক প্ৰশংসা কৰাৰ লগতে এনে পদক্ষেপ ভাৰতৰ ভিতৰতে প্ৰথম বুলি মন্তব্য কৰে তথ্যচিত্ৰ নিৰ্মাতাগৰাকীয়ে। আৰু হস্তী মানবৰ সংঘাতৰ ওপৰত অসমৰ পটভূমিত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাব বুলি মন্তব্য কৰে মাইক পাণ্ডেয়ে।

ইফালে বিগত সময়ত সততে উত্থাপন হৈ থকা হাতী মানুহৰ সংঘাত প্ৰসংগটোৱে অনাগত দিনত কিছুপৰিমাণে হ্ৰাস পাব ৷কাৰণ বিভিন্ন কাৰণত বনাঞ্চল ধ্বংসৰ কাৰণে সম্প্ৰতি জনাঞ্চললৈ ওলাই আহিছে হাতী ৷ইয়াৰ ফলত হাতীয়ে বাসগৃহ ভঙাৰ লগতে,কৃষি ভূমি,জনসাধাৰণ খাদ্য খোৱাৰ লগতে বিস্তৰ পৰিমাণে ক্ষতি সাধন কৰে। গতিকে কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি অঞ্চলৰ ৰাইজৰ এই পদক্ষেপ সচাঁকৈয়ে প্ৰশংসনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক: কাৰ্বি আংলঙত অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কত আলোচনা

Next Story