Begin typing your search above and press return to search.

১১ দিন ডিটেনচন কেম্পত জীৱন কটাই মুকলি আকাশৰ তলত সানাউল্লাহ

১১  দিন ডিটেনচন কেম্পত জীৱন কটাই মুকলি আকাশৰ তলত সানাউল্লাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2019 8:07 AM GMT

প্ৰাক্তন সেনা বিষয়া সানাউল্লাহ মুকলি আকাশৰ তলত । বিদেশী বুলি ঘোষণা কৰা প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহৰ আবেদন শুকুৰবাৰে শুনানি গ্ৰহণ কৰিছিল। আদালতে প্ৰাক্তন সেনা বিষয়া গৰাকীক জামিন আবেদন মঞ্জুৰ কৰে । ২০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

আজি মুকলি আকাশৰ তললৈ প্ৰাক্তন সেনা বিষয়া সানাউল্লাহ। ডিটেনচন কেম্পৰ পৰা প্ৰথমতে আমিনগাঁওলৈ লৈ যোৱা হৈছে সানাউল্লাহক । ১১ দিনৰ বন্দীত্ব জীৱন কটাই মুকলি আকাশৰ তলত প্ৰাক্তন সেনা বিষয়া গৰাকী। ডিটেনচন কেম্পৰ পৰা আমিনগাঁওলৈ নিয়া হৈছে সানাউল্লাহক । আমিনগাঁও থানাত পৰিয়ালক গতাব আৰক্ষীয়ে ।

সানাউল্লাহৰ মুক্তিক লৈ এতিয়া উৎফুল্লি হৈ পৰিছে পৰিয়ালৰ লগতে তেওঁৰ গাওঁবাসীয়ে । যাবতীয় কাম-কাজৰ পিছতে আমিনগাঁও থানাই মুকলি কৰিব কাৰ্গিলৰ যুদ্ধা সানাউল্লাহ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰ, নিৰ্বাচনী আয়োগ , ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্য্যালয় আৰু অনুসন্ধান কৰি বিষয়া চন্দ্ৰমল দাসলৈ কাৰন দৰ্শোৱাৰ বাবে জাননী জাৰি কৰিছিল ।

প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহক বিদেশী ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰি ২৯ মেত ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে ।

বকো বিদেশী ন্যায়াধীশকৰনে ২০১৮ চনৰ ৪ চেপ্তেম্বৰত মহম্মদ সোনাউল্লাহলৈ জাননী জাৰি কৰিছিল আৰু তেওঁক বিদেশী বুলি ঘোষণা কৰে ।

কামৰূপৰ অতিৰিক্ত এচ পি সঞ্জীৱ শইকীয়াৰ মতে ২০০৮ চনত কামৰূপ বিদেশী ন্যায়াধীশকৰনত এটা গোচৰ ৰুজু কৰা হৈছিল । ন্যায়াধীশকৰনৰ ৰায়ৰ পাছত প্ৰাক্তন সেনা বিষয়া গৰাকীক গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰখা হৈছে।

সোনাউল্লাহ জন্ম হৈছিল কামৰূপ জিলাৰ চয়গাঁওৰ কলহীকাষ গাঁওত ১৯৬৭ চনৰ ৩০ জুলাইত জন্ম হৈছিল । ১৯৮৫ চনত বকোৰ চাম্পুপাৰা চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিকত উৰ্ত্তীৰ্ণ হৈছিল । তাৰ পাছত বৰপেটা জিলাৰ চেঙা কলেজত অধ্যয়ন কৰে। তেওঁ ২০১৭ চনৰ ৩১ মেত ভাৰতীয় সেনাৰ পৰা অৱসৰ লয় । ২০১৮ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত আৰক্ষী উপ-পৰিদৰ্শক হিচাপে যোগদান কৰে । কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাতো কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৪ চনৰ ২ চেপ্তেম্বৰত ৰাষ্ট্ৰপতিৰ পৰা প্ৰসংশাৰ মানপত্ৰ লাভ কৰিছিল সোনাউল্লাহে ।

উল্লেখ্য যে প্ৰাক্তন সেনা বিষয়া আৰু তেওঁৰ পত্নী সদভানু বিবি, জীয়েক শ্বেহনাজ আখটাৰ, হেলমিনা আখটাৰ আৰু পুত্ৰ চাহিত আলীৰ নাম এন আৰ চিৰ তালিকাটো প্ৰকাশ পোৱা নাই । তেওঁৰ পৰিয়ালৰ সদস্য, দুজন ডাঙৰ ককায়েক স্বৰ্গীয় হানিফ আলী আৰু বাৰেক আলীৰ নাম এন আৰ চিৰ তালিকাত আছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি