মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰে তিনিচুকীয়া জিলাৰ উৰনীয়া সেতুৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰে তিনিচুকীয়া জিলাৰ উৰনীয়া সেতুৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰে তিনিচুকীয়া জিলাৰ উৰনীয়া সেতুৰ । তিনিচুকীয়া বাসীৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱাৰ পথত । বহু অপেক্ষাৰ অন্তত পুনৰ হ'ব তিনিচুকীয়া বাসীৰ অত দিনৰ সপোন । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলাৰ উন্নতি ৰ বাবে ললে আন এক আদৰনীয় পদক্ষেপ ।

তিনিচুকীয়া চহৰত হ'ব উৰনীয়া সেতু । তিনিচুকীয়া চহৰৰ ৰেল লাইনৰ ওপৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী হ'ব এই উৰনীয়া সেতু খন । এই উৰনীয়া সেতু নিৰ্মাণ ত ব্যয় হ'ব ৬০ কোটি ২০ লাখ টকা । মঙ্গলবাৰে এই উৰনীয়া সেতুৰ আধাৰশিলা স্থাপন হয় । আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়ড়কাপ্তানী , বিত্ত ও স্বাস্হ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আধাৰশিলা স্থাপন কাৰ্যসূচী ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও ।

আধাৰশিলা স্থাপনৰ ওপৰত সংগতি ৰাখিয়েই আন এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । তিনিচুকীয়া জিলাৰ গোলাপ চন্দ্ৰ ৰবি চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় ৰাজহুৱা সভা খন । উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গড়কাপ্তানী বিভাগ , বিত্ত ও স্বাস্হ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰত চৰকাৰৰ খাদ্য প্ৰস্তুত কৰন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তিনিচুকীয়া জিলাৰ বিধায়ক সঞ্জয় কিশান , মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা , দুলীয়াজানৰ বিধায়ক তেৰশ গোৱাল আৰু আন বহুতো গন্য মান্য ব্যক্তি ।

সংবাদ মাধ্যমৰ আগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , তিনিচুকীয়া জিলাক ভাৰত বৰ্ষৰ এখন আগশাৰীৰ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে বা স্মাৰ্ট চিটি হিচাপে গঢ় দিয়াত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , ইতিমধ্যে তিনিচুকীয়া জিলাত মেডিকেল কলেজৰ কাম , পানী যোগান আচনিকে ধৰি বিভিন্ন কোটি টকীয়া আচনি ৰূপায়ন হৈছে । আগন্তুক দিন বোৰত ৰাইজৰ সহায় সহযোগিতা আশা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ৰেল ক্ৰিছিঙৰ ফলত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সম্মুখীন হয় আৰু ৰেল অহা ফলত যাতায়ত স্তব্ধ হয় । তাৰ ওপৰত লক্ষ ৰাখিয়েই ২৬ খন উৰনীয়া সেতু নিৰ্মাণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইতিমধ্যে ১৩ খন উৰনীয়া সেতুৰ কৰা আৰম্ভ হৈছে । বাকী ১৩ খন উৰনীয়া সেতুৰ কামো অতি সোনকালেই আৰম্ভ হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে। তিনিচুকীয়া উৰনীয়া সেতু নিৰ্মাণত ব্যয় হ'ব লগা ৬০ কোটি টকাৰ ৩০ কোটি ৰাজ্য চৰকাৰ আৰু ৩০ কোটি ইণ্ডিয়ান ৰেলৱে বহন কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

লগতে সংবাদ মাধ্যমে তিনিচুকীয়া জিলাত স্হাপন হ'ব লগীয়া মেডিকেল কলেজ খনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত নিৰ্ধাৰিত সময়ৰ ভিতৰতে মেডিকেল কলেজ নিৰ্মাণ হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com