Begin typing your search above and press return to search.

ভাৰত বাংলাদেশৰ মাজত বাণিজ্য আৰু যোগাযোগ সুদৃঢ় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী সোনোৱালৰ আহ্বান

ভাৰত বাংলাদেশৰ মাজত বাণিজ্য আৰু যোগাযোগ সুদৃঢ় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী সোনোৱালৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 7:36 AM GMT

ভাৰত বাংলাদেশ ষ্টেক হ’ল্ডাৰ (India-Bangladesh Stakeholders Meet ) মিট সৰ্বতোপ্ৰকাৰে সফল কৰাৰ দিশত সকলো পদক্ষেপ লোৱাৰ বাবে এক্ট প’লিচি এফেয়াৰ্ছ (Act East Policy) বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্দেশ দিছে। ষ্টেক হ’ল্ডাৰ মিট অনুষ্ঠিত হ’ব ২২ ৰ পৰা ২৩ অক্টোবৰলৈকে ৷উল্লেখ্য যে এই হল্ডাৰ মিটত দুয়োখন দেশৰ কেন্দ্ৰীয় মন্ত্ৰী,ৰাজ্যিক মন্ত্ৰী,বৈদেশিক মন্ত্ৰী,ৰাষ্ট্ৰদূত,ভাৰতীয় আৰু বিদেশী বিনিয়োগ গৰাকী,ক্ৰেতা,কৰ্পৰেট আৰু বৃহৎ উদ্যোগীয়ে অংশ গ্ৰহণ কৰিব ৷এই বৈঠকত অসম আৰু বাংলাদেশৰ মাজত থকা ব্যৱসায় বাণিজ্য,যোগাযোগ ইত্যাদিৰ দিশত থকা সম্বন্ধ সুদৃঢ় কৰাৰ পথ প্ৰশস্ত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।

এই বৈঠকে ভাৰত বাংলাদেশৰ মাজৰ বাণিজ্যিক লেনদেন বৃদ্ধি কৰাৰ দিশত সহায় কৰাৰ উপৰিও ২০২৪ চনৰ ভিতৰত দেশৰ অৰ্থনীতিৰ আকাৰ ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণৰ দিশতো সহায় কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়। এই ষ্টেক হল্ডাৰৰ বৈঠকত ভাৰত চৰকাৰৰ জাহাজ পৰিবহন মন্ত্ৰ্যালয়,ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰ্যালয়,বাংলাদেশ চৰকাৰৰ পথ পৰিবহন মন্ত্ৰ্যালয়,এছিয়ান ডেভেলপমেন্ট বেংক,ইনলেণ্ড ৱাৰ্টাৰ টেন্সপ’ৰ্ট অথৰিটী,চিট্টগঞ্জ বন্দৰ কৰ্তৃপক্ষৰ প্ৰতিনিধি আদি লোকসকলে অংশ গ্ৰহণ কৰিব ৷

উল্লেখ্য যে এই বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া,উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী,ইণ্ডিয়ান চেম্বাৰ্ছ অব কৰ্মাচৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

অন্য খবৰৰ বাবে পঢ়ক :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জি এছ টি সম্পৰ্কীয় বৈঠক

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Ambulance Driver-turned- Artist from Guwahati

Next Story
চাকৰি