Begin typing your search above and press return to search.

পিয়াঁজৰ মূল্য নিয়ন্ত্ৰিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পদক্ষেপ

পিয়াঁজৰ মূল্য নিয়ন্ত্ৰিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2019 9:24 AM GMT

পিয়াঁজৰ মূল্য নিয়ন্ত্ৰিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পদক্ষেপ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে জনতা ভৱনৰ এক সন্মিলনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কামক সমীক্ষা কৰে। লগতে বিভাগক শক্তিশালী কৰিবৰ কাৰণে আহ্বান কৰে ৷ ইফালে বিগত সময়ত পিয়াঁজৰ মূল্য বৃদ্ধি চৰকাৰ আৰু জনসাধাৰণৰ কাৰণে এক চিন্তাৰ বিষয় আছিল।

মুখ্যমন্ত্ৰী সোনোৱালে পাকঘৰৰ প্ৰতিটো বস্তুৰ মূল্য সীমিত কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰে ৷ ইফালে নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন অব ইণ্ডিয়া লিমিটেডৰ পৰা পিয়াঁজ ক্ৰয় কৰা আৰু বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ সম্পৰ্কতো সোনোৱালে নিৰ্দেশ দিয়ে ।

সোনোৱালে কয় যে এই সন্দৰ্ভত এক তদন্ত হ’ব লাগে ৷ মাহেকত ৰাজ্যখনত ৬০ হাজাৰ মেট্ৰিকটন পিয়াঁজৰ প্ৰয়োজন হয় আৰু এই চাহিদা পূৰ কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে উক্ত প্ৰতিষ্ঠানখনৰ পৰা পিয়াঁজ ক্ৰয় কৰিবলৈ আহ্বান জনায় ।ইফালে বৈঠকত ১০০ গৰাকী হিতাধিকাৰীক “আমাৰ দোকান” খোলাৰ ওপৰত প্ৰত্যেককে ১ লাখ টকা প্ৰদানৰ আঁচনিত অনুমোদন জনায় ।

আনহাতে ৰাজ্যৰ থকা ৩৮ হাজাৰতকৈ অধিক সুলভ মূল্যৰ দোকান থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৰাজ্যৰ জনসাধাৰণৰ অনুপাতে সুলভ মূলৰ দোকান পৰ্যাপ্ত হোৱা নাই । উল্লেখ্য যে গ্ৰামাঞ্চলৰ যুৱক যুৱতীৰ নিযুক্তিৰ সুবিধা হোৱাকৈ শীতল ঘৰ আৰু ব্যক্তিগত অংশীদাৰিত্বৰে স্থাপনৰ দিশটো নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক নিৰ্দেশ দিয়ে। এই বৈঠকখনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী,সঞ্জয় লোহিয়া,বিশ্বৰঞ্জন চামাল আদি উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: স্মাৰ্ট চিটীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Next Story
চাকৰি