কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰিব সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মায়ে

কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰিব সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মায়ে

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ সন্দৰ্ভত আলোচনাৰ বাবে শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। ৰাষ্ট্ৰীয় ঘাইপথ সমূহ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ব্যবস্থা গ্ৰহণ কৰিব বুলি আশাবাদী ৰাজ্য চৰকাৰ।

ৰাজ্যৰ পথ সমূহৰ দুৰৱস্থাৰ সন্দৰ্ভত পি ডব্লিউ ডি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে "ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ অবস্থাৰ প্ৰতিছবি সংবাদ মাধ্যমে শেহতীয়া দিন সমূহত সম্প্ৰচাৰ কৰিছে । ঘাইপথ সমূহৰ লগতে আন পথ সমূহৰ অবস্থা অতি শোচনীয় । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দুৰৱস্থাকলৈ আমি চিন্তিত হৈ পৰিছো। এন এইচ এ আই আৰু এন এইচ আই ডি চি এলৰ সংৰক্ষণৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় ঘাইপথ সমূহ। আমাৰ নিয়ন্ত্ৰণ কম থাকে এই পথ সমূহত । এই সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মই নিজে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ পথৰ দুৰৱস্থাৰ সন্দৰ্ভত জনাম" বুলি প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন পথ সমূহৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মায়ে কয় যে "ৰাজ্যৰ পথৰ অবস্থা ভাল । বৰষুণৰ কাৰনে কিছুমান পথৰ অবস্থা শোচনীয় বুলি প্ৰকাশ কৰে । ইতিমধ্যে এই পথ সমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত, দলং আৰু পথৰ মেৰামতিৰ বাবে ৪,৩০০ কোটি মুকলি কৰি দিয়া হৈছিল । ইয়াৰে কিছুমান পথৰ মেৰামতি আৰম্ভ কৰা হৈছে " বুলি প্ৰকাশ কৰে।

লগতে হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনৰ বাবে যোৱা ৪ মাহত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ মেৰামতিৰ কাম লেহেমীয়া গতিৰে হৈছে । এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সমস্যাটো সমাধান কৰিব বুলি আশা কৰো বুলি প্ৰকাশ কৰে । ১ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ অবস্থা ভাল হব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com