Begin typing your search above and press return to search.

৬৫১ খন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধ আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

৬৫১ খন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধ আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 4:38 AM GMT

৬৫১ খন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধ আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মংগলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধৰ যোগান আঁচনি ঘোষণা কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই আঁচনি উদ্ধোধনী অনুষ্ঠানত ৬৫১ খন চাহ বাগিচাৰ কাৰণে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ অধীনত চাহ বাগান সমূহক বিনামুলীয়া ঔষধ বিতৰণ কৰাৰ আঁচনি শুভাৰম্ভনি কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷আঁচনি খনৰ শুভাৰম্ভনি কৰি সোনোৱালে কয় যে ৰাজ্যৰ অধিকাংশ চাহ বাগানৰ চিকিৎসালয়ে চাহ জনজাতি লোকসকলক ঔষধ বিতৰণ কৰাত বিফল হয় ৷

সেয়ে তেওঁলোকে ঔষধ ক্ৰয় কৰিব লগা হয়। ৮০ খন এমএমইউ বাহন অৰ্থাৎ Mobile Medical Unite,৪৪২ খন এমএমইউ সেৱাৰ উপৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ সু স্বাস্থ্যৰ বাবে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ হাতত ১২,০০০ টকাকৈ তুলি দিয়া হৈছিল । এইয়া ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ দিশ ৷ ইফালে আঁচনিখনৰ অধীনত ইতিমধ্যে ২৩০ গৰাকী গৰ্ভৱতী মহিলাৰ নাম পঞ্জীয়ন কৰা হৈছে।

আনহাতে চাহ বাগিচাৰ বিনামূলীয়া আঁছনিৰ অধীনত চাহ বাগিচাৰ ৬৫১ খন চিকিৎসালয়ত ১৪২ আৱশ্যকীয় ঔষধ,৪৭ চাৰ্জিকেল আইটেমচৰ লগতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তু যোগান ধৰা হ’ব। আঁচনিখন প্ৰতি বছৰে ২০ কোটি টকা ব্যয় কৰা হ’ব। চাহ বাগিচাৰ অঞ্চলসমূহত গুণগত মানদণ্ডৰ ঔষধ যোগান ধৰাটোৱেই এই আঁচনিখনৰ মূল উদ্দেশ্য ৷

উল্লেখ্য যে এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছাৰ লগতে অন্যান্য কেইবাজনো বিশিষ্ট ব্যক্তি। ইফালে চাহ বাগিচাৰ বাবে এনেধৰণৰ আঁচনি লোৱাৰ বাবে স্বাস্থ্য আৰু বিত্ত আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই ৰামেশ্বৰ তেলীক ।

এই আঁচনিৰ উদ্বোধনৰ নিজৰ ভাষণত স্বাস্থ্য, বিত্ত আদি বিভাগৰ ড° মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্ৰমিকৰ লাইন বনাবৰ বাবে ৬০০ কোটি টকাৰ অনুমোদন কৰিছিলোঁ। প্ৰথম বাৰৰ বাবে ইমান বেছি পুঁজি অনুমোদন কৰা হৈছে চাহ বাগিচাৰ বাবে। ইয়াৰে ইতিমধ্যে ৩০০ কোটি টকা ব্যয় কৰা হৈছে ।

আনহাতে চাহ বাগিচাৰ বাবে লোৱা এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে চাহ বাগিচাৰ পুত্ৰ-কন্যাক পঢ়াৰ বাবে ধাউতি বৃদ্ধি কৰিবৰ বাবে অভিভাৱকসকলক বিশেষ যত্ন লবলৈ আহ্বান জনায় । এইক্ষেত্ৰত চাহ বাগিচাৰ মালিক, মেনেজাৰাকো দায়িত্ব লবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ৷

অধিক খবৰৰ বাবে পঢ়ক: আপোনাৰ আপোন ঘৰ আৰু অভিনন্দন আঁচনি মুকলি

ভিডিঅ প্ৰতক্ষ্য কৰক: 300 hectares of paddy fields affected in Sivasagar District | The Sentinel News | Assam News

Next Story
চাকৰি