Begin typing your search above and press return to search.

আজৰা আৰক্ষী থানৰ পুনৰ নিৰ্মাণৰ ওপৰত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

আজৰা আৰক্ষী থানৰ পুনৰ নিৰ্মাণৰ ওপৰত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 7:51 AM GMT

আজৰা আৰক্ষী থানৰ পুনৰ নিৰ্মাণৰ ওপৰত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ প্ৰত্যেকখন আৰক্ষী থানা পুনৰ নবীকৰণ কৰা বুলি মন্তব্য কৰে। সম্প্ৰতি ৰাজ্যত ৭৬ খন আৰক্ষী থানা মেৰামতি কৰা হৈছে ৷ সোমবাৰে গুৱাহাটীৰ আজৰাস্থিত আৰক্ষী থানা পুনৰ নিৰ্মাণৰ কাৰণে উদঘাটন কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ লগতে আৰক্ষী আৰু জনগণৰ মাজত একতা আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ গুৰুত্ব প্ৰদান কৰে সোনোৱালে।

গুৱাহাটীৰ আজৰা পুলিছ ষ্টেশ্যন উদঘাটন কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে আৰক্ষীসকলে সমাজত শান্তি পূৰ্ণ পৰিবেশ বৰ্তাই ৰাখিবৰ কাৰণে কাম কৰে ৷ লগতে চৰকাৰে আৰক্ষী বিভাগক আধুনিক আৰু শক্তিশালী ৰূপে গঢ় দিবৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷সাম্প্ৰতিক সময়ত বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান সন্মুখলৈ আহে ৷ এই ক্ষেত্ৰত আৰক্ষীসকলে ইতিবাচক ভূমিকাৰে,শক্তিশালী মনোবলেৰে পৰিস্থিতিৰ লগত যুঁজ দিবলৈ কয় ৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক্ট ইষ্ট প’লিছিৰ জৰিয়তে ৰাজ্যৰ বিকাশ বিশেষকৈ উত্তৰ পূবৰ বিকাশত মনোনিবেশ কৰিবলৈ সকলোকে আহ্বান কৰে। লগতে অনাগত দিনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰে এক উল্লেখযোগ্য ভূমিকা ল’ব বুলি মন্তব্য কৰে ।সোনোৱালে অসমলৈ অহা পৰ্যটকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে সকলো আৰক্ষীকে সস্ত্ৰম হ’বলৈ কয়। ডিজিপি কনফাৰেন্স সন্মিলনখনত দেশৰ সেনা বাহিনী যাতে আৰু অধিক শক্তিশালী হয় তাৰ কাৰণে কিছুমান উদ্দেশ্য নিৰ্ধাৰিত কৰা সম্পৰ্কে মন্তব্য কৰে ৷

লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বহু পদক্ষেপৰ কাৰণে অসমৰ লোকসকলে আত্মবিশ্বাস পুনৰ লাভ কৰিছে বুলি কয় ৷উড়ান আন্তৰাষ্ট্ৰীয় আঁচনিৰ অধীনত গুৱাহাটী আৰু ঢাকাৰ মাজত যাত্ৰা আৰম্ভ হৈছে ৷ আৰু অনতি পলমে বেংকক আৰু ব্ৰুনইৰ মাজত যাত্ৰা আৰম্ভ হোৱাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰী সোনোৱালে।

উল্লেখ্য যে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন বিভাগৰ আধুনিকীকৰণ,মহিলা আৰু শিশুসকলৰ লগতে সাধাৰণ জনতা কাৰণে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। আজৰা পুলিছ ষ্টেশ্যন নিৰ্মাণ কৰোঁতে প্ৰায় ২.৮৮ কোটি টকা ব্যয় হৈছে ।পাঁচ বছৰৰ ভিতৰত প্ৰত্যেকটো আৰক্ষী থানাৰ পুনৰ নিৰ্মাণ আৰু নবীকৰণৰ কাৰণে ২ কোটি টকা ব্যয় কৰিছে ।এই সময়ত গুৱাহাটীৰ সাংসদ কুইন ওঝা,পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ডিজিপি কুলধৰ শইকীয়া আৰু আজৰা কেন্দ্ৰীয় নগৰ সমিতিৰ সভাপতি চন্দ্ৰ দাসেও মন্তব্য কৰে।

আজৰাৰ আৰক্ষী থানা খন ৰক্ষা কৰিবৰ কাৰণে জন সাধাৰণক সহযোগিতা বিছাৰে৷ এটা স্মাট ফোন কিনিলেই ন’হব তাৰ ব্যৱহাৰো জানিব লাগিব ৷গতিকে পুলিছ ষ্টেশ্যনটোক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে ৷এই মন্তব্য কুলধৰ শইকীয়াৰ ৷ ইফালে আজৰা পুলিছ ষ্টেশ্যনৰ অন্তৰ্গতত প্ৰায় ১.১০ লাখ জনসংখ্যা আছে । অস্থায়ীভাৱে জনসংখ্যা আছে ১৫-২০ হাজাৰ ৷পুলিছ ষ্টেশ্যনৰ অন্তৰ্গতত ৮২ খন গাঁও আছে ৷

আৰক্ষী থানাতখনত ৭০-৮০ টা কেছ দাখিল হয়। এই অনুষ্ঠানত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ,মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আৰু অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক: বানপানীৰ পৰা হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আজৰা ছাত্ৰ সংগঠনৰ

Next Story
চাকৰি