Begin typing your search above and press return to search.

সৰ্বানন্দ সোনোৱালৰ জলসংকটৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

সৰ্বানন্দ সোনোৱালৰ জলসংকটৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 8:56 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ প্ৰত্যেক জনগণে বিশুদ্ধ পানী যোগানৰ ক্ষেত্ৰত এক কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কাৰণে নিৰ্দেশ দিয়ে প্লাবিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টক । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ প্ৰত্যেক জনগণে বিশুদ্ধ পানী যোগানৰ ক্ষেত্ৰত এক কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কাৰণে নিৰ্দেশ দিয়ে প্লাবিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টক । মুখ্যমন্ত্ৰী সোনোৱালে জল যোগান আৰু স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যক সমীক্ষা কৰি জনতা ভৱনৰ কাৰ্যালয়ত মন্ত্ৰী ৰিহন দৈমাৰীৰ উপস্থিতিত বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰি এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা ল’বলৈ মন্তব্য কৰে ৷ সুস্বাস্থ্য সম্পন্ন জীৱনশৈলীৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ মহত্ত্ব অধিক ৷ অসমত পানীৰ বিভিন্ন উৎস আছে ৷

কিন্তু পানীৰ সঠিক সৰবৰাহ কাৰ্য প্ৰণালীৰ অভাৱে কিছু কিছু অঞ্চলত পানীৰ অভাৱ দেখা যায় ৷ সেয়েহে পিএইচই বিভাগক প্ৰত্যেক ঘৰ জনগণে যাতে পানী অত্যাধিক পৰিমাণে লাভ কৰিবৰ পাৰে তাৰ কাৰণে ৰণনীতি তৈয়াৰ কৰিব লাগিব ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে বিভাগীয় কৰ্তৃপক্ষক গাওঁ আৰু নগৰ অঞ্চলত পানীৰ পাইপ সমূহৰ আৱশ্যকতা আৰু ব্যৱহাৰৰ সন্দৰ্ভে জৰীপ কৰিবলৈ নিৰ্দেশ দিয়ে ৷পিএইচইডি বিভাগৰ বিভাগীয় তথ্য অনুসৰি ৰাজ্যত ৮৮,০৪৯ টা অঞ্চলৰ ভিতৰত ৫৫,১৪২ টা সম্পূৰ্ণৰূপে আৰু ২৩,১৩৭ ক আংশিক ৰূপত চুই গৈছে পানী যোগান আঁচনিয়ে ৷

ইয়াৰোপৰি অনতি পলমে ৰাজ্যৰ সকলো বাসগৃহতেই পানী যোগান আচঁনি লাভ কৰিব লগতে হেন্দপাম্প আৰু আৰচিচি ৰিঙৰ দৰে সুবিধাও লাভ কৰিব জনসাধাৰণে ৷আনহাতে,সংবাদ বিজ্ঞপ্তি অনুসৰি নীৰ নিৰ্মল পৰিযোজনাৰ সম্পৰ্কে ঘোষণা কৰি বিভাগীয় কৰ্তৃপক্ষই কয় যে চাৰিখন আঁচনি সম্প্ৰতি সম্পূৰ্ণ হোৱাৰ বিভিন্ন পৰ্যায়ত আছে ৷এই আঁচনিসমূহে ডিমৌৰিয়া,কামৰূপ মেট্ট’ৰ অন্তৰ্গত চন্দ্ৰপুৰ,যোৰহাট আৰু হাইলাকান্দিক সাঙুৰি ল’ব ৷ ২০২০ চনৰ ভিতৰত এই আঁচনি সম্পূৰ্ণ হ’ব বুলি আশা কৰিব পাৰি।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে এই বৈঠকখনত মুখ্যমন্ত্ৰী সংবাদ উপদেষ্টা হৃষিকেশ গোস্বামী,আইনী উপদেষ্টা শান্তনু ভাৰতী,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া,পিএইচইডিৰ প্ৰধান সম্পাদক অবিনাশ জোশী, জনস্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, জনস্বাস্থ্য বিভাগৰ মুখ্য অভিযন্তা নাৰায়ন দাস আৰু অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি