Begin typing your search above and press return to search.

আগন্তুক ১৪ দিনলৈ জনতাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আগন্তুক ১৪ দিনলৈ জনতাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2020 7:20 AM GMT

আগন্তুক ১৪ দিনলৈ জনতাক ঘৰৰ ভিতৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।সমগ্ৰ বিশ্ব এতিয়া কোৰোনাৰ গ্ৰাসত । বিশ্বৰ বহু কেইখন দেশলৈ সংক্ৰমিত হৈছে মহামাৰী কোৰোনা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । কালি অৰ্থাৎ দেওবাৰে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা সান্ধ্য আইন ঘোষণা কৰে। লগতে সমগ্ৰ দেশৰ জনতাই পালন কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান ।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতাক আগন্তুক দুসপ্তাহলৈ ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায়। কেৱল কোনো জৰুৰী কামৰ সময়তেহে ঘৰৰ বাহিৰলৈ ওলাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে ।

কালি সন্ধিয়া এই কথা ব্যক্ত কৰে সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য বিভাগে সকলো লোকক সুৰক্ষিত ৰখাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে লগতে তেওঁ জনতাক শংকিত নহ'বলৈ আহ্বান জনায় কিয়নো এতিয়ালৈ ৰাজ্যত কোনো ধৰণৰ কোৰোনা সংক্ৰামিত ঘটনা হোৱা নাই । তেওঁ জনতাক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা পালন কৰিবলৈও আহ্বান জনায়।

লগতে সামাজিক দূৰত্ব মানি চলাৰ বাবে গুৱাহাটী বিমান বন্দৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে সোমবাৰৰ পৰা ৰাজ্যৰ আন বিমান বন্দৰতো এই ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছ: বাতিল কৰা টিকটৰ বিপৰীতে ৰেলৱেই যাত্ৰীক উভতাই দিব এশ শতাংশ মূল্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি