Begin typing your search above and press return to search.

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2019 7:02 AM GMT

সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰা যৌন নিৰ্যাতন অভিযোগৰ গোচৰ ভিত্তিহীন বুলি প্ৰকাশ কৰে তিনিজনীয়া বিচাৰপীঠে।

কোৰ্টে এই ৰায় প্ৰকাশ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত ন্যায়ালয়ে কোনো ধৰণৰ প্ৰমান নাপালে । আভ্যন্তৰীণ কমিটিয়ে যোৱা ১৯ এপ্ৰিলত ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মীয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অনা যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো সত্যতা বিচাৰি নাপালে ।

ন্যায়াধীশ এচ এ ব'বডে নেতৃত্বত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ ইণ্ডু মালহোট্ৰাৰ বিচাৰপীঠে সোমবাৰে এই ৰায় প্ৰদান কৰে । আভ্যন্তৰীণ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহব বুলিও জাননী খনত কোৱা হৈছে । লগতে ন্যায়াধীশ আৰ এফ নৰিমান আৰু ন্যায়ালয়ে ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ এছ এ ব'বডেক সাক্ষাৎ কৰাৰ কথা অস্বীকাৰ কৰিছে আদালতে ।

দেওবাৰে প্ৰকাশ কৰা প্ৰেছ বিবৃতিত উচ্চতম ন্যায়ালয়ৰ জেনেৰেল ছেক্ৰেটৰী সঞ্জীৱ কালগনকাৰে প্ৰকাশ কৰে যে , এয়া সম্পূৰ্ণ ভূল কথা। আভ্যন্তৰীণ কমিটিয়ে দেশৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অনা অভিযোগৰ কোনো সত্যতা নাই বুলি প্ৰকাশ কৰে।

৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মী এগৰাকীয়ে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ উত্থাপন কৰিছিল ।

মহিলা গৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁ তিনি জনীয়া বিচাৰপীঠৰ সন্মুখত যথেষ্ট ভয় অনুভৱ কৰাৰ লগতে অস্বস্তি অনুভৱ কৰিছিল।

ৰঞ্জন গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ যি গৰাকী মহিলা কৰ্মীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল, তেওঁ এই বিচাৰপীঠৰ মুখামুখি নহয় বুলি ঘোষণা কৰিছিল যদিও যোৱা বুধবাৰে বিচাৰপীঠৰ মুখামুখি হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি