Begin typing your search above and press return to search.

অযোধ্যা বিবাদ: মধ্যস্থতাকাৰীক ১৫ আগষ্টলৈকে সময়সীমা উচ্চতম ন্যায়ালয়ৰ

অযোধ্যা বিবাদ: মধ্যস্থতাকাৰীক ১৫ আগষ্টলৈকে সময়সীমা উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 10:48 AM GMT

বহু বছৰ ধৰি চলি অহা অযোধ্যা ভূমি বিবাদৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। অযোধ্যা ভূমি বিবাদৰ সন্দৰ্ভত সমাধান উলিয়াবলৈ আজি সৰ্বোচ্চ ন্যায়ালয়ে মধ্যস্থতাকাৰীক ১৫ আগষ্ট পৰ্যন্ত সময়সীমা বান্ধি দিছে।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুনানিৰ সন্দৰ্ভত প্ৰকাশ কৰে যে অযোধ্যাৰ সন্দৰ্ভত তেওঁলোকে কোনো তথ্য প্ৰকাশ নকৰে। এয়া সম্পূৰ্ণ গোপনীয় হিচাপে ৰখা হব ।

মুছলিম দলৰ অধিবক্তা ৰাজীৱ ধাৱানে প্ৰকাশ কৰে যে তেওঁলোকে মধ্যস্থতাকাৰীক সকলো পদক্ষেপতে সহায় কৰিব যদিহে অযোধ্যা ভূমি বিবাদ অৱসান ঘটে ।

কোৰ্টৰ নিৰ্দেশ মৰ্মে মধ্যস্থতাকাৰীয়ে ফাইজাবাদৰ পৰা তেওঁলোকৰ কাম আৰম্ভ কৰে । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে হিন্দু আৰু মুছলিম দুয়োটা সংগঠনকে মধ্যস্থতাকাৰীৰ গ্ৰহণ কৰা পদক্ষেপ সমুহ গোপনে ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

অযোধ্যৰ বিবাদৰ সন্দৰ্ভত কেন্দ্ৰয়ে এক আবেদন দাখিল কৰিছিল ।আবেদন খনত ১৯৯৩ চনত ৬৭.৭ একৰ ভূমি মুকলি কৰি দিছিল । উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল এই সিদ্ধান্তত। আবেদন খনত আশাকৰা .৩০৩ একৰ ভূমিৰ পৰিবৰ্তে ৬৭.৭ ভূমি মুকলি কৰি দিছিল ।

উত্তৰ প্ৰদেশৰ চৰকাৰ আৰু হিন্দু দলে মধ্যস্থতাকাৰীৰ এই সিদ্ধান্তত বিৰোধীতা কৰে। হিন্দু সকলে ধৰ্মীয় বিস্বাস জৰিত নিৰমোহী আখৰা তেওঁলোকক দিশত বিচাৰিছিল কিন্তু নিৰমোহী আখৰা মুছলিমৰ দিশত থকাৰ বাবে বিৰোধিতা কৰে।

উচ্চতম ন্যায়ালয়ে মধ্যস্থতাকাৰীয়ে অযোধ্যা ভূমি বিবাদৰ মীমাংসা কৰাৰ সন্দৰ্ভত ২৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিছিল ।

পূৰ্বৰ শুনানিতো ন্যায়াধীশ ব'বদেউয়ে এই সম্পৰ্কত সম্পূৰ্ণ গোপনীয় হিচাপে ৰাখিবলৈ নিৰ্দেশ দিয়ে ।৭০ বছৰ ধৰি ৰাম জনমভূমি আৰু বাবৰি মছজিদৰ বিবাদ চলি আহিছে । অযোধ্যা বিবাদৰ গোচৰটো জনসাধাৰণৰ বিশ্বাস,আবেগ ,অনুভূতিৰ লগত জৰিত হৈ আছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি