Begin typing your search above and press return to search.

পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশ্লীল ভিডিঅ দেখুৱাৰ বাবে গ্ৰেপ্তাৰ স্কুল শিক্ষকক

পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশ্লীল ভিডিঅ দেখুৱাৰ বাবে গ্ৰেপ্তাৰ স্কুল শিক্ষকক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 1:41 PM GMT

এক লজ্জাজনক ঘটনা সংঘটিত হৈছে গুজৰাটত । বিদ্যালয় হৈছে শিশুৰ ভবিষ্যত গঢ়াৰ স্থান আৰু শিক্ষক হৈছে পথ পদৰ্শক । কিন্তু এজন শিক্ষকে কলংকিত কৰিলে শিক্ষক সমাজকে। বিদ্যালয়লৈ শিশুক পঢ়িয়াবলৈ চিন্তা কৰিব লগা হৈছে এতিয়া অভিভাৱক ।

এনে এক লজ্জাজনক ঘটনা সংঘটিত হৈছে গুজৰাটত । ৩৯ বছৰীয়া এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে মংগলবাৰে পঞ্চম শ্ৰেণীৰ তিনি গৰাকী ছাত্ৰীক অশ্লীল ভিডিঅ আৰু ফটো দেখুওৱাৰ কাৰনে গ্ৰেপ্তাৰ কৰা হয়। ভাবনগৰ চহৰৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে ।

ইতিমধ্যে আৰক্ষীয়ে জিশ্বান্ত মাকৱানাক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ মতে , সোমবাৰে তিনি গৰাকী ছাত্ৰীৰ এগৰাকীৰ দেউতাকে শিক্ষক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। সোমবাৰে শিক্ষক জনে দুপৰীয়া আহাৰ খোৱা বিৰতিৰ সময়ত শ্ৰেণী কোঠাত সোমাই ১১/১২ বছৰীয়া ছাত্ৰী কেইগৰাকীক দুৱাৰ বন্ধ কৰি অশ্লীল ভিডিঅ আৰু ফটো দেখুৱাই বুলি অভিযোগ উত্থাপন কৰে । লম্পদ শিক্ষক জনে নিজৰ মোবাইল ফোনত অশ্লীল ভিডিঅ আৰু ফটো জোৰকৈ দেখুৱাই । যেতিয়া দুগৰাকী ছাত্ৰীয়ে চাবলৈ অমান্তি হয় , তেতিয়া পৰীক্ষাত অনুৰ্ত্তীৰ্ণ কৰাই দিব বুলি ভাবুকি দিয়ে শিক্ষক জনে ।

ছাত্ৰী কেইগৰাকীয়ে ঘৰলৈ যোৱাৰ পিছত অভিভাৱক কয় সমগ্ৰ ঘটনাৰ কথা । শিক্ষক জনৰ এনে কাণ্ডত খং ব্যক্ত কৰে অভিভাৱকে আৰু মংগলবাৰে পুৱাই বিদ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ জনাই । শিক্ষক জনক কটু ভাষাৰে আলোচনা কৰাৰ আগতে বিদ্যালয় প্ৰধান শিক্ষক গৰাকীয়ে আৰক্ষীক খবৰ দিয়ে ।

অভিভাৱক সকলে শিক্ষক জনক উচিত শাস্তি দিবৰ বাবে দাবী জনাই ।আৰক্ষীয়ে লগতে প্ৰকাশ কৰে যে, আই পি চি ৩৫৪, ৩৩২ ধাৰা অধিনত মাকৱানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । এই ঘটনায়ে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভৱিষ্যতে গঢ় দিয়া স্থানত এনে অপকৰ্ম সঁচাকৈয়ে নিন্দনীয় ।যিখন দেশত শিক্ষকক যথেষ্ট সন্মান কৰা হয় তেনে দেশত শিক্ষকৰ এনে কাণ্ড সচাকৈয়ে নিন্দনীয় ।বিদ্যালয় হৈছে শিশুৰ ভবিষ্যত গঢ়াৰ স্থান আৰু শিক্ষক হৈছে পথ পদৰ্শক । কিন্তু এজন শিক্ষকে কলংকিত কৰিলে শিক্ষক সমাজকে। বিদ্যালয়লৈ শিশুক পঢ়িয়াবলৈ চিন্তা কৰিব লগা হৈছে এতিয়া অভিভাৱক । শিক্ষকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে|

অন্য খবৰৰ বাবে পঢ়ক: মুম্বাই বিস্ফোৰণৰ মাষ্টৰমাইণ্ড জেইছ-ই-মহম্মদৰ মুৰব্বী হাফিজ চৈয়দক গ্ৰেপ্তাৰ

Next Story
চাকৰি