দেশজোৰা তলাবন্ধ : বড়ো ভাষাত অনলাইন শিক্ষাদানৰ ব্যৱস্থা ছেবাৰ

দেশজোৰা তলাবন্ধ : বড়ো ভাষাত অনলাইন শিক্ষাদানৰ ব্যৱস্থা ছেবাৰ

দেশজোৰা তলাবন্ধ : বড়ো ভাষাত অনলাইন শিক্ষাদানৰ ব্যৱস্থা ছেবাৰ । সম্প্ৰতি সমগ্ৰ দেশতে ক’ৰ’না‌ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য সমগ্ৰ তলাবন্ধ বাহাল ৰখা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় সেৱাসমূহক বাদ দি দেশৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে।‌ এই তলাবন্ধৰ ফলত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদানত অনিশ্চিয়তাই দেখা দিছে।‌ সেয়েহে অসম মাধ্যমিক শিক্ষা বোৰ্ড(ছেবা)-ই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন বা ইণ্টাৰনেট ব্যৱস্থাৰে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ‌‌ লগতে ‌বড়ো ভাষাৰ পাঠ্যক্ৰমো আৰম্ভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

এনেদৰে ছেবাৰ অধীনত থকা ৪ লাখতকৈ অধিক দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰণ কৰা হ'ব । বোৰ্ডে দশম শ্ৰেণীৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ বাবে বিজ্ঞান, গণিত আৰু ইংৰাজী পাঠ্যক্ৰম‌ সম্পূৰ্ণ কৰিবলৈ ডিজিটেল শিক্ষণ প্লেটফৰ্ম "SIQES Eduaid" ৰ লগত সহযোগিতা কৰিছে । ছাত্ৰ-ছাত্ৰীসকলে দেওবাৰৰ বাদে সপ্তাহৰ আন ছদিনত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ ইউটিউবত অনলাইন পঢ়িব পাৰিব।‌

বড়ো ভাষাত এই ভিডিঅসমূহ দৈনিক চাৰিশতকৈ অধিক লোকে দৰ্শন কৰা দেখা যায়। এই ভিডিঅ সমূহে প্ৰায় ৭ লাখ ভিউজ পাৰ কৰিছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰিবলৈও সক্ষম হৈছে। উক্ত তিনিটা বিষয়ৰ বাবে ৬ জন শিক্ষক নিয়োগ কৰা হৈছে।

এই সম্পৰ্কত ছেবাৰ এগৰাকী বিষয়াই কয় যে বড়ো ভাষাত অনলাইন পাঠ্যক্ৰম পঢ়োৱা ই হৈছে ৰাজ্যৰ প্ৰথমটো যোজনা আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ ২২ হেজাৰ শিক্ষাৰ্থী লাভাৱান্বিত হ'ব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com