Begin typing your search above and press return to search.

উত্তৰ-পূবৰ দ্বিতীয়ঃ মিজোৰামতো ধৰা পৰিল ক’ৰ’না মহামাৰী আক্ৰান্ত

উত্তৰ-পূবৰ দ্বিতীয়ঃ মিজোৰামতো ধৰা পৰিল ক’ৰ’না মহামাৰী আক্ৰান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 8:00 AM GMT

উত্তৰ-পূবৰ দ্বিতীয়ঃ মিজোৰামতো ধৰা পৰিল ক’ৰ’না মহামাৰী আক্ৰান্ত

সাৱধান! উত্তৰ-পূবত ধৰা পৰিছে আৰু এজন ক’ৰ’না মহামাৰী আক্ৰান্ত। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মিজোৰামৰ এজন ব্যক্তিৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা পৰীক্ষাত এই ব্যক্তিজন ক’ৰ’না মহামাৰীত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। ব্যক্তিজনৰ ঘৰ মিজোৰামৰ আইজলত। ৫০বছৰীয়া এই ব্যক্তিজনে অলপতে হলেণ্ড ভ্ৰমণ কৰিছিল। সম্প্ৰতি তেওঁক মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইতিমধ্যে তেওঁৰ পৰিয়ালক একাষৰীয়া কৰা হৈছে। উল্লেখ্য যে উত্তৰ-পূবৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত হ’ল মণিপুৰৰ এগৰাকী ছাত্ৰী। ২৩ বছৰীয়া এই ছাত্ৰীগৰাকীয়ে লণ্ডনত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ কৰি আছে। কিছুদিন পূৰ্বে তেওঁ ঘৰলৈ আহে। লণ্ডনৰ পৰা কলকতাত উপস্থিত হৈ তেওঁ ইম্ফললৈ বিমানেৰে যাত্ৰা কৰে। সম্প্ৰতি তেওঁ ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত চিকিৎসাধীন হৈ আছে। ইপিনে, ভাৰততো ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা ২১ দিনৰ বাবে অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশত তলাবন্ধ ঘোষণা কৰে। অৱশ্যে এই সময়ছোৱাত খাদ্য-সামগ্ৰী যোগানকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহৰ যোগান অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক আতংকিত নহ’বলৈও আহ্বান জনায়।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’নাৰ বিভীষিকাঃ জটিল হৈ উঠিছে অসমৰ আৰ্থিক পৰিস্থিতি

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story