উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুতো আন্তঃগাঁথনিৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে: ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ

উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুতো  আন্তঃগাঁথনিৰ প্ৰকল্প গ্ৰহণ কৰা  হৈছে: ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বহুতো আন্তঃগাঁথনি মুলক প্ৰকল্প গ্ৰহণ কৰা হৈছে বুলি ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত পথ, ৰেল যোগাযোগ , আধুনিকীকৰণ আৰু বিমানবন্দৰৰ উন্নয়ন , জলপৰিবহন, টেলিকম আৰু শক্তিকে ধৰি বিভিন্ন দিশৰ উন্নয়নৰ বাবে যথেষ্ট প্ৰকল্প গ্ৰহণ কৰা হৈছে ।SARDP-NE আচনিৰ অধিনত ৬,৪১৮ কিলোমিটাৰ পথ মেৰামতি কৰাৰ লগতে ৫৭,৫১৮ কোটি ব্যয় সাপেক্ষে ৫,২৭৩ কিলোমিটাৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে । অনুমোদিত ৫,২৭৩ কিলোমিটাৰৰ ৩,০২৯ কিলোমিটাৰ ৩০,৩১৫ কোটি ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুতো আন্তঃগাঁথনিৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে|

ৰে'লৱে খণ্ডত জিৰিবাম-ইম্ফল, ডিমাপুৰ-যুবজা, আগৰতলা-চাব্ৰম, তেতেলিয়া-বৰ্ণিহাত, বৰ্ণিহাত-চিলং, ভৈৰাবি-চাইৰঙ, মুৰকঙচেলেক-পাচিঘাট, আগৰতলা-আখওৰা আদি ৰেল পথৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

আনহাতে বিমানৰ ক্ষেত্ৰতো গুৱাহাটী, ইম্ফল, আগৰতলা, ডিব্ৰুগড়, ডিমাপুৰ আৰু তেজু বিমানবন্দৰ সমূহ আধুনিকীকৰণ আৰু উন্নয়নৰ কৰা হব । ইটানগৰৰ হলঙগিত সেউজ পথাৰ (Greenfield) বিমানবন্দৰ নিৰ্মাণৰ বাবে ৬৪৫.৬৩ অনুমোদন জনাইছে ।

উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় নৌসেনায়ে ১৯ টা জলপথ মুকলি কৰিছে । এই প্ৰজেক্টেৰ বাবে ২৭০.৫০ কোটি অনুমোদন জনোৱা হৈছে ।

আনহাতে টেলিকম চেক্টৰত ৬৪৪.৫৫ কোটি ব্যয় সাপেক্ষে ১১,৯৫৬ গাঁও পঞ্চায়ত সংযোগ কৰিব ভাৰত নেট প্ৰকল্পৰ যোগেদি । ৫,৩৩৬.১৮ কোটি সাপেক্ষে ৮,৬২১ গাঁওত ৬,৬৭৩ মোবাইল টাৱাৰ, ৰাষ্ট্ৰীয় ঘাইপথত ৩২১ মোবাইল টাৱাৰ স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com