প্ৰসংগ: নতুন যান বাহন আইন: আইনখনক সমৰ্থন বহু ৰাজ্যৰ

প্ৰসংগ: নতুন যান বাহন আইন: আইনখনক সমৰ্থন বহু ৰাজ্যৰ

দেশৰ সৰ্বত্ৰে সম্প্ৰতি নতুন যান বাহন আইন ২০১৯ ৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ দেশৰ প্ৰায় ৰাজ্যই যান বাহন আইন উলংঘাকাৰী সকলৰ ক্ষেত্ৰত উচ্চ হাৰত জৰিমনা আদায় কৰা বিষয়টোক আদৰি লৈছে। ইফালে যান বাহন আইনক সংশোধিত কৰাৰ প্ৰাকমুহুৰ্তত কেন্দ্ৰীয় চৰকাৰে যান বাহন আইন উলংঘন কৰিলে জৰিমনা বৃদ্ধিৰ সমন্ধত এটি প্ৰস্তাৱ ৰাখিছিল ।

এই সম্বন্ধত ৰাজ্য সমূহত হোৱা বৈঠকত নতুন যান বাহন আইনৰ সপক্ষে স্বাক্ষৰিত হৈছিল ৷ ইফালে যান বাহন আইন ২০১৯ ক এখন আইনত পৰিণত কৰাৰ প্ৰাকমুহুৰ্তত কিছুমান ৰাজ্যত বৈঠকো অনুষ্ঠিত কৰা হৈছিল ৷ আনহাতে ৰাজ্যৰ পৰিবহন মন্ত্ৰী জৰিত থকা পৰিবহন বিকাশ কমিটীয়ে যান বাহন আইন খনৰ সন্দৰ্ভত ২০১৬ চনৰ পৰা প্ৰায় পাঁচখন বৈঠক অনুষ্ঠিত কৰিছিল। আৰু যান বাহন আইনৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক সহাঁৰি কোনো এখন ৰাজ্যৰ পৰা পোৱা নাছিল।

যান বাহন আইন সংশোধন সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হৈছিল দিল্লী,বেংগালুৰু, ধৰ্মশালা, আৰু গুৱাহাটীত ৷ ইয়াৰ পিছত চলিত বৰ্ষৰ জুলাইত সংসদত যান বাহন আইন খন গৃহীত হোৱাৰ পিছত ১ ছেপ্তেম্বৰৰ পৰা আইন খন আৰম্ভ হয়। ইফালে নতুন যান বাহন আইন অনুসৰি সুৰা সেৱন কৰি বাহন চলালে ৫০০ টকাৰ পৰা ১০০০ টকাৰ লগতে ৪০০০ আৰু ১০০০০ টকালৈ বৃদ্ধি হৈছে জৰিমনা ৷ যাৰ কাৰণে বহু যান বাহন উলংঘাকাৰীৰ সাঁচতীয়া ধনৰ ভৰাঁল উদং হৈছে ৷

এই ব্যৱস্থাই যান বাহন আইন উলংঘাকাৰীৰ সংখ্যা সীমিত কৰিব বুলি আশা কৰা হৈছে ৷আনহাতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই আইনক লৈ ৰাজ্য খনত নেতিবাচক ধাৰণা বিয়পিছে ৷ সকলো লোকে এই আইনখনক গ্ৰহণ কৰা নাই । এই আইন বিভিন্ন ৰাজ্যৰ পৰামৰ্শৰ পিছতহে আৰম্ভ কৰা হৈছে । সকলো ৰাজ্যৰ পৰা সমৰ্থন পাই কেবিনেটে মঞ্জুৰী দিয়াৰ পিছতহে সংসদত এই আইনক উত্থাপন কৰা হৈছিল৷ গাডকাৰীয়ে লগতে কয় যে আমি জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰিহে এই সিদ্ধান্ত লৈছো ৷

লগতে গাডকাৰীয়ে প্ৰশ্ন কৰে, জনসাধাৰণৰ জীৱনৰ প্ৰতি আমাৰ কোনো দায়িত্ব নাই নেকি ? ভাৰতত আইনলৈ কোনেও ভয় নকৰে কাৰণেই এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷উল্লেখ্য যে যান বাহন আইন উলংঘা কৰি লাখৰো অধিক জৰিমনা পৰিশোধ কৰি কিছু সংখ্যক লোকে ৷কিন্তু তথাপিও শিক্ষা নলয় যান বাহন উলংঘাকাৰীয়ে ৷কিন্তু জনসাধাৰণৰ হিতৰ কাৰণে চৰকাৰৰ এই প্ৰচেষ্টা কেতিয়া সফল হ’ব সেয়া হ’ব গুৰুত্ব পূৰ্ণ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com