ক’ৰ’না মহামাৰীঃ ধুমপানে আনিব পাৰে ভয়ংকৰ বিপদ

ক’ৰ’না মহামাৰীঃ ধুমপানে আনিব পাৰে ভয়ংকৰ বিপদ

ক’ৰ’না মহামাৰীঃ ধুমপানে আনিব পাৰে ভয়ংকৰ বিপদ

আপুনি ধুমপায়ী বা বিড়ি-চিগাৰেট সেৱন কৰে নেকি ? তেন্তে সাৱধান ! ততালিকে এই বদভ্যাস ত্যাগ কৰক ৷ কাৰণ ধুমপানে ক’ৰ’না মহামাৰী বিয়পি পৰাত সহায় কৰে ৷ এই সকীয়নী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)-ই ৷ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ধুমপায়ীসকল এই ৰোগত সহজেই আক্ৰান্ত হয় ৷ কাৰণ বিড়ি-চিগাৰেট সেৱন কৰা লোকৰ হাওঁফাওঁ দুৰ্বল হয় অথবা বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ থাকে ৷ গতিকে এনে লোক সহজেই ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাৰ আশংকা প্ৰবল ৷ এই সম্পৰ্কত জি এন আৰ চি হাস্পতালৰ জ্যেষ্ঠ মাইক্ৰ’বায়’লজিষ্ট ডা° প্ৰণীতা শইকীয়াই কয়, “ ক’ৱিড মহামাৰীৰ বিষয়ে আলোচনা কৰোতে আমি এটা কথা আলোচনা কৰা নাই ৷

সেইটো হ’ল এই ভাইৰাছে হাওঁফাওঁত আক্ৰমণ কৰে ৷ তদুপৰি শিশু আৰু বয়স্ক ব্যক্তিক এই ভাইৰাছে সহজে আক্ৰমণ কৰে ৷" গতিকে ধুমপায়ীসকল সাৱধান হোৱা উচিত ৷ ইপিনে, ক’ৰ’না মহামাৰীত আক্ৰান্তক চিকিৎসাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ ৩৪খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU)স্বাক্ষৰ কৰিছে ৷ শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ মন্ত্ৰীজনে কয় যে এই বুজাবুজি চুক্তি দুমাহৰ বাবে স্বাক্ষৰ কৰা হৈছে ৷ চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰা দুখন হাস্পতাল হ’ল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাল আৰু মাৰোৱাৰী হাস্পতাল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com