Begin typing your search above and press return to search.

কেন্সাৰৰ পৰা আৰোগ্য লাভ কৰি ভাবুক হৈ পৰিল বলীউডৰ অভিনেত্ৰী সোনালী বেন্দ্ৰে

কেন্সাৰৰ পৰা আৰোগ্য লাভ কৰি ভাবুক হৈ পৰিল বলীউডৰ অভিনেত্ৰী সোনালী বেন্দ্ৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 11:50 AM GMT

বলীউডৰ অভিনেত্ৰী সোনোলী বেন্দ্ৰে কেন্সাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত সম্প্ৰতি পুনৰ চৰ্চালৈ আহিছে ৷ সোনালী বেন্দ্ৰে কেন্সাৰ ৰোগত আক্ৰান্ত লাখ লাখ লোকৰ কাৰণে প্ৰেৰণা স্বৰূপ । এক অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী গৰাকীৰ লগত দেখা যাব সুজেইন খান আৰু গায়ত্ৰী অৱৰয়ক৷ৰিয়েলিটী অনুষ্টানটিৰ নিৰ্মাতায়ে সম্প্ৰতি অনাগত অনুষ্ঠানসমূহৰ কাৰণে টীজাৰ জাৰি কৰিছে ৷ য’ত সোনালী বেন্দ্ৰেক বিগত দিনৰ কথা সুঁৱৰি ভাবুক হৈ পৰা দেখিবলৈ পোৱা গৈছে।

লগতে অভিনেত্ৰী সোনালী বেন্দ্ৰেই কয় যে যেতিয়া কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা খবৰটো লাভ কৰিছিলো ৷তেতিয়া মই সকলো স্বীকাৰ কৰি লৈছিলো। মই বহুত কান্দিছিলো ৷ আৰু ভাবিছিলো যে মোৰ লগতে কিয় এনে হয় ৷ ইয়াৰ পিছত সোনালী বেন্দ্ৰেই কেন্সাৰৰ লগত যুঁজ দিয়াৰ কাৰণে সিদ্ধান্ত লয়। আৰু হাঁহিমুকে কেন্সাৰক স্বীকাৰ কৰাৰ কথাও উল্লেখ কৰে ৷ সোনালী বেন্দ্ৰেই কেন্সাৰৰ কাৰণে নিউয়ৰ্কত কেইবামাহো ধৰি থকাৰ পিছত বিগত বছৰৰ ডিচেম্বৰত ভাৰতলৈ আহে ৷ এই সময়ত সোনালী বেন্দ্ৰেৰ লগত সংগ দিয়ে বান্ধবী সুজেইন খান আৰু গায়ত্ৰী অৱৰয় ।

https://www.instagram.com/p/Bu1Qplwhro2/

https://www.instagram.com/p/BozA0ydhIht/

ইফালে এই সময়ত সোনালী বেন্দ্ৰেৰ লগত বান্ধবী সুজেইন আৰু গায়ত্ৰীৰ উপৰিও দেখা যায় প্ৰিয়াংকা চোপ্ৰা আৰু চফী টনা’ৰক। আনহাতে শেহতীয়াকৈ কেন্সাৰ মুক্ত বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰা ঋষি কাপুৰকো ২০১৮ চনৰ অক্টোবৰত চিটী চেন্টাৰতো লগ পোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে কেন্সাৰ ৰোগৰ পৰা মুক্ত হোৱাৰ পিছত সোনালী বেন্দ্ৰেই এক ফ’টো শ্বুটত অংশ লয়। এই সন্দৰ্ভত সোনালীয়ে কয় যে মই ইয়াৰ জৰিয়তে বাস্তৱক দেখিলো ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি