Begin typing your search above and press return to search.

১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ ২০১৯

১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হল ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ ২০১৯

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2019 11:16 AM GMT

১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ ২০১৯ ।গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পিছফালে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ-২০১৯ মঙ্গলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলিক নিয়মেৰে মহোৎসৱৰ শুভাৰম্ভ কৰে।

এই মহোৎসৱ গুৱাহাটীৰ পূৰ্ব তিৰুপতি শ্ৰীবালাজী সমিতিয়ে চেন্নাইৰ মহালক্ষ্মী চেৰিটেবল ট্ৰাষ্টৰ সহযোগত অনুষ্ঠিত কৰিছে।

এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " ব্ৰহ্মপুত্ৰ হ'ল আমাৰ সংস্কৃতি , সভ্যতা আৰু শক্তি "। লগতে কয় যে এই মহোৎসৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত , শ্ৰেষ্ঠ ভাৰত গঢ়াৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত এক সুযোগ প্ৰদান কৰিছে লগতে ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণাত্যৰ মাজৰ সম্বন্ধ সুদৃঢ় কৰিব। পুষ্কৰ মহোৎসৱৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য্য সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰাৰ এই সুযোগ আমি গ্ৰহণ কৰিব লাগে বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পুষ্কৰ মহোৎসৱ ১২ দিনীয়া কাৰ্যসূচীৰে ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বলৈ‌ অনুষ্ঠিত কৰা হৈছে । উল্লেখযোগ্য যে এই মহোৎসৱত ১২ আন নদীক লৈ এই নদী উৎসৱ আয়োজন কৰা হৈছে । এই মহোৎসৱ প্ৰতিখন নদীৰ বাবে ১২ বছৰৰ মুৰত এবাৰ হয় ।

এই মহোৎসৱত দক্ষিন ভাৰতৰ পৰা অহা ভক্ত সকলেও অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱত দক্ষিণ ভাৰতৰ পৰা অহা ভক্ত সকল আমাৰ অতিথি নহয়, এই ভক্তগন আমাৰ সম্পৰ্কীয় বুলি অভিহিত কৰাৰ লগতে তেওঁলোক বৃহত্তৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলিও কয়।‌এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিভিন্ন কমিটীৰ সদস্য সকলো উপস্থিত থাকে ।‌

অন্য খবৰৰ বাবে পঢ়ক: এন‌ আৰ এল ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক : PM announces peace accord with NSCN, Naga militant group

Next Story
চাকৰি