Begin typing your search above and press return to search.

ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমনঃৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস

ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমনঃৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2019 9:02 AM GMT

ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমন বিজেপি ৷ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে ৰাজ্যত দলৰ ১১ লাখ সদস্যৰ বিপৰীতে ১৫ লাখ সদস্যই যোগদান কৰিছে ৷ দেওবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ীৰ ভৱনত সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰি ৰঞ্জিত কুমাৰ দাসে কয় যে সদস্যসকলৰ নামকৰণ অভিযান চলিত বৰ্ষৰ ৬ জুলাইত আৰম্ভ কৰে।

জনসাধাৰণে আহি দলত যোগদান কৰিছে ৷ ১১ লাখ সদস্য নতুন সদস্যৰ লগতে দলৰ কেডাৰ সকলে বিগত ডেৰ মাহৰ পৰা ৰাজ্যত কাম কৰি আছে ৷ দলৰ সদস্যসকলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কল্যানকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ ১৫ লাখ নতুন সদস্যক দললৈ স্বাগতম জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাসে কয় যে ৰাজ্যত বিজেপিৰ নেতা আৱশ্যক নাই , আৱশ্যক হৈছে বিজেপিৰ কেডাৰ বা কৰ্মকৰ্তাৰ ৷ বিৰোধী দল কংগ্ৰেছৰ পৰা সদস্য বিজেপিত অন্তৰ্ভূক্ত হৈছে বুলি প্ৰচাৰ লাভ কৰাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এনে ধৰণৰ মন্তব্য বিশেষ ভাৱে গুৰুত্ব পূৰ্ণ হৈ পৰিছে ৷

ৰঞ্জীত কুমাৰ দাসে লগতে কয় যে দলত প্ৰায় ১১ লাখ নাম সক্ৰিয় সদস্যৰ নামাংকন প্ৰক্ৰিয়া চলি আছে ৷ আমি প্ৰথমতে ছয় লাখ নতুন সদস্যৰ নাম নামাংকিত কৰা হৈছে।এই সদস্যৰ সংখ্যা ১৫ লাখ কৰিবলৈ পদক্ষেপ লোৱা হৈছে ৷আৰু বিজেপি যোগদান কৰিব বিচাৰিলে আমাৰ কোনো ধৰণৰ আপত্তি নাই ।লগতে বিটীছিৰ সন্দৰ্ভতো বিভিন্ন মন্তব্য দিয়ে ৰঞ্জিত কুমাৰ দাসে ৷ ২০০৩ চনৰ বিটীছি স্থাপনৰ পিছত চতুৰ্থবাৰৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক:ভাৰতীয় জনতা দল আৰু অগপই প্ৰতিদ্বন্দিতা কৰিব বিধানসভা নিৰ্বাচনত

ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM Tarun Gogoi holds press conference in Guwahati

Next Story
চাকৰি