Begin typing your search above and press return to search.

ৰাজ্যত কৃষি ব্যৱস্থাৰ অগ্ৰগতিত প্ৰতিক্ৰিয়া কৃষকসকলৰ

ৰাজ্যত কৃষি ব্যৱস্থাৰ অগ্ৰগতিত প্ৰতিক্ৰিয়া  কৃষকসকলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 8:02 AM GMT

ৰাজ্যত সম্প্ৰতি কৃষি কৰ্মৰ প্ৰস্তুতি দেখা গৈছে। তাৰ মাজতে বিশ্বনাথ চাৰিআলি,শোনিতপুৰআৰু দৰং জিলাৰ কৃষকসকলৰ মাজত কৃষিক লৈ তীব্ৰ অশান্তি সৃষ্টি হৈছে। কাৰণ বিশ্ব নাথ চাৰিআলিৰ কিছু সংখ্যক স্থানত কৃষকসকলে জলকীয়া খেতি কৰিছে ৷ কিন্তু গছ ডাঙৰ হ’ল কিন্তু এতিয়ালৈকৈ জলকীয়া লগা নাই ৷ দৰং জিলাৰ বৰচলাত কৃষকসকলে মাকৈ খেতি কৰিছে যদিও কোনো গছ পাত নোহোৱাকৈ মাকৈ গছৰ অৱস্থা শোচনীয় হৈছে ৷ এইয়া মাত্ৰ উদাহৰণহে প্ৰত্যেক বছৰে ৰাজ্যৰ কৃষি বিভাগে দিয়া বীজসমূহে কৃষকসকলক কোনো ধৰণৰ উন্নত ফল যোগান ধৰাত সহায় নকৰে ।

কৃষকসকলে বহুত লোকচানৰ সন্মুখীন হয় যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে । ইফালে যেতিয়া অসমত বানপানী হয় তেতিয়া অধিকাংশ ভূমি কৃষিৰ কাৰণে অনুপযোগী হৈ উঠে ৷২০১৭ চনত হোৱা বানপানীৰ কাৰণে প্ৰায় চাৰি লাখ ভূমি কৃষিৰ কাৰণে অনুপযোগী হৈ উঠিছিল ৷ চৰকাৰ লগত এই লোকচানৰ কাৰণে কোনো উপায় নাই ৷ অসমত প্ৰায় ৭০ শতাংশ লোকৰ প্ৰধান জীৱিকা কৃষি ৷ সমগ্ৰ ৰাজ্যত কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি আছে ৷কে চি চি,শূণ্য কৰৰ লোনৰ লগতে অন্যান্য বহুতো ৷

কিন্তু মন কৰিব লগীয়া যে এনেধৰণৰ বহু আঁচনি এতিয়াও কৃষক সকলে লাভ কৰা নাই। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি অন্যান্য ৰাজ্যৰ তুলনাত অসমত অধিকাংশ কৃষিৰ উৎপাদন ক্ষমতা সীমিত ৷ ইয়াৰ অন্যান্য কাৰণৰ ভিতৰত জলবায়ুৰ পৰিৱৰ্তন হ’ব পাৰে৷ লগতে সাম্প্ৰতিক সময়ত কিছু সংখ্যক ঠাইত খেতি পথাৰত পানী পৰিমাণ সীমিত হৈ পথাৰসমূহ শুকাই যোৱা দেখা গৈছে ৷লগতে এই পৰিস্থিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৰ খেত ম্যে পানী শ্ল’গানক উপেক্ষা কৰিছে ৷

কাৰণ ৰাজ্যত জলসম্পদৰ ব্যৱস্থা অত্যন্ত দুখ লগা ৷এনেধৰণৰ পৰিস্থিতিত লোকসকলে প্ৰশ্ন কৰে বিভাগীয় কৰ্তৃপক্ষলৈ ৷ যে বিভাগটোৰ উদ্দেশ্য আৰু কৰ্তব্য কি? বিভাগটোৱে কিছু সংখ্যক কৃষকক টেক্টৰ প্ৰদান কৰিছে যদিও, কিছু সংখ্যকে এনেধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ আজিও কৃষকসকল হাল বায় খেতি কৰে। ইফালে ৰাজ্যৰ কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহৰ যি বিপণন সেয়া মন কৰিবলগীয়া ৷ কাৰণ উৎপাদিত সামগ্ৰীৰ মূল্য কৃষকসকলে লাভ নকৰে ৷গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত ল’ব সেয়া হ’ব লক্ষ্যনীয় অনাগত দিনত ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি