Begin typing your search above and press return to search.

৩১ মাৰ্চলৈ আন্তঃৰাজ্যিক যাত্ৰীবাহী যান- বাহন চলাচলত নিষেধাজ্ঞ‌ ৰাজ্য‌ চৰকাৰৰ

৩১ মাৰ্চলৈ আন্তঃৰাজ্যিক যাত্ৰীবাহী যান- বাহন চলাচলত নিষেধাজ্ঞ‌ ৰাজ্য‌ চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2020 11:16 AM GMT

৩১ মাৰ্চলৈ আন্ত:ৰাজ্যিক যান-বাহন চলাচলত নিষেধাজ্ঞ‌ ৰাজ্য‌ চৰকাৰৰ ।‌বিশ্বৰ বহু দেশতে কোৰোনাই সৃষ্টি কৰিছে ভয়াবহ পৰিস্থিতিৰ । ইয়াৰ মাজতে এই ভাইৰাছ সৃষ্ট মহামাৰী মোকাবিলা কৰিবলৈ উঠি-পৰি লাগিছে বিশ্বৰ প্ৰায়বোৰ দেশ । এই মহামাৰীৰ বিৰুদ্ধে ভাৰত চৰকাৰেও বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখা গৈছে। এতিয়ালৈকে অসমত কোৰোনাৰ কোনো ঘটনা পোহৰলৈ অহা নাই যদিও ৰাজ্য চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।দেশত কোৰোনাই সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই মহামাৰীৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ অহা ৩১ মাৰ্চলৈ অসমৰ পৰা আৰু অসমলৈ অন্য ৰাজ্য চলাচল কৰা সকলো যাত্ৰীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞ‌ আৰোপ কৰিছে।

দেওবাৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ দ্বাৰা জাৰি কৰা এক অধিসূচনা অনুসৰি আন্তঃৰাজ্যিক যাত্ৰীবাহী পৰিবহণ ব্যৱস্থা তথা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ চলাচল কৰা যাত্ৰীবাহী বাহনসমূহ এই মহামাহী বিয়পি পৰাৰ অন্যতম মূল কাৰণ ৷ সেয়েহে অসমলৈ অন্য ৰাজ্যৰ পৰা অহা আৰু অসমৰ পৰা আন ৰাজ্যলৈ যোৱা সকলো যাত্ৰীবাহী যান-বাহন চলাচলaত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অহা ৩১মাৰ্চলৈ এই নিষেধাজ্ঞা বলবত থাকিব ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ নিয়ম ভংগ মেৰী কমৰঃ বিদেশৰ পৰা আহি ৰাষ্ট্ৰপতি ক’ৱিন্দক সাক্ষাৎ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sale of vitamins and other nutritional products rise due to coronavirus scare

Next Story
চাকৰি