ঘোষিত অবৈধ বিদেশীৰে ভৰি পৰিছে ৰাজ্যৰ কাৰাগাৰ সমূহ

ঘোষিত অবৈধ বিদেশীৰে ভৰি পৰিছে ৰাজ্যৰ কাৰাগাৰ সমূহ

ৰাজ্যৰ ঘোষিত অবৈধ বিদেশীৰ প্ৰত্যাবৰ্তন , তেওঁলোকৰ চিনাক্ত কৰন আৰু ঘোষণাৰ কোনো নিদিষ্ট তথ্যৰ নাই। পক্ৰিয়াৰ এনে আসোঁৱাহ সমূহৰ বাবে ৰাজ্যৰ কাৰাগাৰ সমূহত অবৈধ বিদেশীয়ে ভৰি পৰিছে । ৰাজ্যৰ ৩১ খন কাৰাগাৰত ৮,৯৩৮ কয়দীৰ স্থান আছে কিন্তু বৰ্তমান ১০,২৮৩ আছে কাৰাগাৰত । ১১৫.০৪ শতাংশ অধিক।

কাৰাগাৰ সমূহৰ ৩১ খনৰ ভিতৰত ৬ খন ঘোষিত অবৈধ বিদেশীৰ বাবে ৰখা হৈছিল । ৰাজ্যিক কাৰাগাৰৰ মুখ্য কাৰ্য্যালয়ৰৰ সুত্ৰয়ে প্ৰকাশ কৰা মতে , ৰাজ্যৰ ৩১ কাৰাগাৰত অধিক কয়দী ৰখা হৈছে । ১,৩৪৫ কয়দী ৰখা হৈছে বুলি প্ৰকাশ কৰিছে । ৰাজ্যৰ ৬ খন কাৰাগাৰত ১,০৭৬ ঘোষিত অবৈধ বিদেশীক ৰখা হৈছে । সূত্ৰয়ে লগতে প্ৰকাশ কৰে যে, এই ঘোষিত অবৈধ বিদেশী সকলৰ ভিতৰত ৮৪ শিশুও আছে । ঘোষিত অবৈধ বিদেশী সকলক সময়ত প্ৰত্যাবৰ্তন কৰা হব আৰু পৃথক আশ্ৰয় শিবিৰত ৰখা হব । তেতিয়া এই কাৰাগাৰ সমূহৰ ভিৰ কমি যাব ।

সূত্ৰয়ে প্ৰকাশ কৰে যে, তেজপুৰ কাৰাগাৰত ৩৭১ জন অবৈধ বিদেশীক প্ৰত্যাবৰ্তন কৰা হ'ব। আনহাতে গোৱালপাৰা জিলা কাৰাগাৰত ২৪৬ অবৈধ বিদেশী, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ২০৪ , কোকৰাঝাৰ জিলাত ১৫১, শিলচৰ জিলা কাৰাগাৰত ৬০ আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৪০ জন অবৈধ বিদেশীক ৰখা হৈছে । ২০১৯ চনৰ ৩০ জুনত ৩১ খন কাৰাগাৰত মুঠ ৩,০৭৯ ঘোষিত, ৬০৩৬ অভিযুক্ত, ৰাষ্ট্ৰীয় নিৰাপত্তা এক্টৰ অধিনত ৬ ক আটক, দুজন অসামৰিক আৰু ১,০৭৬ বিদেশী আৰু ৮৪ শিশু আছে।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ , নলবাৰী, উত্তৰ লক্ষিমপুৰ , হাফলং, গুৱাহাটী, বৰপেটা, গোৱালপাৰা, তেজপুৰত ১০ টা বিদেশী ডিটেনচন কেম্প স্থাপনৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে ।

ৰাজ্যৰ ৩১ কাৰাগাৰৰ ভিতৰত ৬ কেন্দ্ৰীয় কাৰাগাৰ, ২২ জিলা কাৰাগাৰ , নগাঁওত বিশেষ কাৰাগাৰ , যোৰহাটত অপেন এয়াৰ জেইল আৰু হাফলংত উপ কাৰাগাৰ আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com