Begin typing your search above and press return to search.

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলৰ এক বিশেষ সাফল্য

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলৰ এক বিশেষ সাফল্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 7:48 AM GMT

গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলৰ এক বিশেষ সাফল্য। কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ আয়ুস্মান ভাৰত আঁচনি ৰাজ্যত সুচাৰূপে বাস্তৱায়িত কৰাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলে প্ৰশংসা লাভ কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনি অথবা প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি আৰম্ভ হৈছিল ২০১৮ চনত ৷ এই আঁচনিৰ জৰিয়তে চৰকাৰে আপতকালীন অথবা জৰুৰী অৱস্থাৰ ৰোগীসকলক ৫ লাখ টকা স্বাস্থ্য বীমা প্ৰদান কৰে ৷

আয়ুস্মান ভাৰত আঁচনিৰ জি এম চি এইচৰ প্ৰশংসা কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী অধিকাৰী ইন্দু ভূষণে বুধবাৰে জি এম চি এইচৰ অধীক্ষক ৰমেন তালুকদাৰক পত্ৰ লিখি শুভেচ্ছা জ্ঞাপন কৰে ৷ আৰু ভৱিষ্যতে এনে ধৰণৰ সাফল্য পাবৰ কাৰণে আশা প্ৰকাশ কৰে। পত্ৰখনত উল্লেখ আছে যে আয়ুস্মান ভাৰত আঁচনিৰ আধাৰত ৬০০০ৰতকৈ অধিক পূৰ্ব প্ৰাধিকৰণৰ ১০ কোটি টকা টকাতকৈ অধিক টকাৰে চিকিৎসা প্ৰদান কৰিছে জি এম চি এইচয়ে ৷

আয়ুস্মান ভাৰত আঁচনিৰ আধাৰত অৰ্থপেডিক্স,ন্যুৰো চাৰ্জাৰী,ইউৰোলজি আৰু কাৰ্ডিঅ’লজী কৰা হয়। অসম চৰকাৰে এই আঁচনিৰ আধাৰত ১.৪ কোটি আবাসীৰ ২৭ লাখ পৰিয়ালক অন্তৰ্ভুক্ত কৰিছে ৷ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে যে জি এম চি এইচে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তৱ ৰূপ দিবলৈ অসাধাৰণ প্ৰদৰ্শন কৰিছে ৷

লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চি ই অ’ ইন্দু ভূষনে চিকিৎসালয়খনৰ মনোবলো বৃদ্ধি কৰাত সহায় কৰিছে। জি এম চি এইছৰ অধীক্ষক ৰমেন তালুকদাৰে চিকিৎসালয়খনৰ সকলো কৰ্মচাৰীসকলক এনে ধৰণৰ সাফল্যৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰা হয় ৷লগতে কয় যে আমি আঁচনিখনৰ সুবিধা লাভ কৰাসকলৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম ৷

উল্লেখ্য যেস্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালযত এম আৰ আই চেন্টাৰ আৰু বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ শুভাৰম্ভ কৰে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিনামূলীয়া ডাইলাছিছৰ সুবিধা প্ৰদান কৰাৰ কাৰণে দুখিয়া দৰিদ্ৰ সকলে চিকিৎসা কৰাৰ ক্ষেত্ৰত সকাহ পাব ৷

লগতে বিনামূলীয়া এই চিকিৎসা সেৱাৰ যোগেৰে মধ্যবিত্ত লোকসকলৰ বহু দিনীয়া এটি আশা পূৰণ হ’ব ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ সম্পৰ্কে উল্লেখ কৰে ৷ৰাজ্যখনত ১৮ টা বিনামূলীয়া বৃক্ক ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে ডায়েলাইছিছ কেন্দ্ৰ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ৷

অন্য খবৰৰ বাবে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে আধাৰশিলা স্থাপন হব তিনিখন নতুন মেডিকেল কলেজৰ

Next Story
চাকৰি