Begin typing your search above and press return to search.

গুৱাহাটীক পৰিস্কাৰ কৰি ৰাখিবলৈ পদক্ষেপ গ্ৰহণ স্বচ্ছতা সংস্থাৰ

গুৱাহাটীক পৰিস্কাৰ কৰি ৰাখিবলৈ পদক্ষেপ গ্ৰহণ স্বচ্ছতা সংস্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2019 9:42 AM GMT

বিশ্ব পৰিবেশ দিৱসৰ উৎযাপনৰ অংশ হিচাপে গুৱাহাটী পৌৰ নিগমে বিভিন্ন সজাগতা সভা আয়োজন কৰিছে । সোমবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কনফৰেন্সৰ হলত আই এম পি চি চি সৈতে এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ওপৰত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অধক্ষ্য সিদ্ধাৰ্থ গোস্বামীয়ে ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ পৰিচালক কুলদীপ সিঙ ধাতৱালিয়াৰ লগতে আই এম পি চি চিৰ চেয়াৰমেনে এই বৈঠকত অংশগ্ৰহন কৰে। স্বচ্ছ ভাৰত অভিযানৰ অধিনত স্বচ্ছতা ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লোৱা হৈছে বুলি প্ৰকাশ কৰে। লগতে তেওঁ প্ৰকাশ কৰে যে এয়া স্বচ্ছতাৰ ক্ষেত্ৰত এক আৰম্ভণি হে , ভৱিষ্যতলৈও স্বচ্ছ অভিযান চলি থাকিব বুলি প্ৰকাশ কৰে ।

ধাতৱালিয়ায়ে প্ৰকাশ কৰে যে স্বচ্ছ অভিযানত জি এম চি, জি এম ডি এ আৰু গুৱাহাটী স্মাৰ্ট চিটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এই বৈঠকত অংশগ্ৰহন কৰি বন বিষয়া বি এন পাটিৰিয়ে কয় বন বিভাগে বৰাগাওত আবৰ্জনা পেলোৱা স্থান উৎখাত কৰাত জি এম চিৰ সৈতে কাম কৰি গৈছে । এই ডাম্পিং গ্ৰাউণ্ডে দ্বীপৰ বিললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি