Begin typing your search above and press return to search.

গনেশগুৰি গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা সজাগতা সভা

গনেশগুৰি গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা সজাগতা সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2019 11:21 AM GMT

গুৱাহাটীৰ গনেশগুৰিত অৱস্থিত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হয় । স্বচ্ছতা সম্পৰ্কীয় বহুতো বিষয়ৰ ওপৰত আলোকপাত কৰা হয় এই সজাগতা সভা খনত আজি ।

এই সভাত উপস্থিত আছিল স্বচ্ছ ভাৰত মিছনৰ মিচন পৰিচালক নাচৰিন আহমেদ। লগতে উপস্থিত থাকে বহুতো বিশিষ্ট ব্যক্তি ।

স্বচ্ছতা সম্পৰ্কীয় এই সজাগতা সভাত পৰিবেশ স্বচ্ছতাৰ ওপৰত আলোচনা কৰাৰ লগতে ঘৰত কেনেদৰে জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি সেই সম্বন্ধে কোৱা হয় আৰু কিদৰে জাৱৰ কমাব পাৰি সেই সম্পৰ্কেও প্ৰকাশ কৰে।

এই অনুষ্ঠানত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে ।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ পিছৰ পৰায়ে সমগ্ৰ দেশতে স্বচ্ছ অভিযানৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় । জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো স্বচ্ছতা অভিযান আৰম্ভ কৰে। নিজৰ অঞ্চলতো স্বচ্ছ কৰি ৰাখিবলৈ স্বচ্ছ ভাৰত অভিযানৰ অধিনত স্বচ্ছতা মূলক বিভিন্ন সজাগতা সভা আয়োজন কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। স্বচ্ছতা সম্পৰ্কীয় বহুতো পদক্ষেপ গুৱাহাটী মহানগৰতো গ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত স্বচ্ছতা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰে গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি