Begin typing your search above and press return to search.

স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ভাৰতৰ ভূ-গৰ্ভস্থ পানী প্ৰদূষণৰ মাত্ৰা হ্ৰাস হৈছে: ইউনিচেফ

স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ভাৰতৰ ভূ-গৰ্ভস্থ পানী প্ৰদূষণৰ মাত্ৰা হ্ৰাস হৈছে: ইউনিচেফ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 11:12 AM GMT

ইউনিচেফৰ এক ৰিপোৰ্টত প্ৰকাশ পাইছে যে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ভাৰতৰ বাবে ইতিবাচক প্ৰভাৱ পেলাইছে । ইয়াৰ দ্বাৰা ভূ-গৰ্ভস্থ পানীৰ প্ৰদূষণ মাত্ৰা যথেষ্ট হ্ৰাস হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিছনৰ আৰম্ভ কৰিছিল ।

ইউনিচেফৰ সমীক্ষাৰ মতে, সুপৰিকল্পিত শৌচাগাৰ ব্যবস্থা থকাৰ তুলনাত মুক্ত মলত্যাগ কৰা গাঁওত প্ৰদূষণ ১.১৩ গুনে বেছি । প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে সমগ্ৰ দেশতে শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানেও বহু গাঁও অঞ্চলত শৌচাগাৰৰ ব্যবস্থা নাই । তাৰ ফলত ভুমি প্ৰদূষণ হৈছে ।

দেশৰ ভিতৰত বিহাৰ, উৰিষ্যা আৰু পশ্চিম বংগত সুপৰিকল্পিত শৌচাগাৰৰ ব্যবস্থা নথকাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি এই ৰাজ্য কেইখনত ।এই গাঁও কেইখনত কেৱল ভূ-গৰ্ভস্থ পানী দূষিত হোৱাৰ লগতে খাদ্য দূষিত হৈছে । যি সমূহ গাঁওত শৌচাগাৰৰ ব্যবস্থা নাই সেই সমূহত খাদ্যতো ১.৪৫ গুণে দূষিত হৈছে , লগতে খোৱা পানীও ২.৬৮ গুণে দূষিত হৈছে ।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ইউনিচেফে দুটা ৰিপোৰ্ট প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ ফলত দেশ যথেষ্ট প্ৰদূষণ মুক্ত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰথম কাৰ্যকালৰ প্ৰথম স্বাধীনতা দিৱসৰ দিনা ভাষনত প্ৰয়োজনীয় সকলক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ আচনি ঘোষণা কৰিছিল ।ইউনিচেফৰ এক ৰিপোৰ্টত প্ৰকাশ পাইছে যে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ভাৰতৰ বাবে ইতিবাচক প্ৰভাৱ পেলাইছে ।তাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ দ্বাৰা ভূ-গৰ্ভস্থ পানীৰ প্ৰদূষণ মাত্ৰা যথেষ্ট হ্ৰাস হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি