ক'ৰ'না ভাইৰাছৰ পৰিস্থিতি মোকাবিলাঃ সৰ্বদলীয় বৈঠক আয়োজনক আদৰণি গগৈৰ

 ক'ৰ'না ভাইৰাছৰ পৰিস্থিতি মোকাবিলাঃ সৰ্বদলীয় বৈঠক আয়োজনক আদৰণি গগৈৰ
Published on

ক’ৰ’না ভাইৰাছৰ পৰিস্থিতি মোকাবিলাঃ সৰ্বদলীয় বৈঠক আয়োজনক আদৰণি গগৈৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ৱিড-১৯সৃষ্ট পৰিস্থিতি মোকাবিলাৰ বাবে লোৱা সৰ্বদলীয় বৈঠক আয়োজনৰ সিদ্ধান্তক আদৰণি জনাইছে।

শনিবাৰে এক বিজ্ঞপ্তিত গগৈয়ে কয়, " মই এই পদক্ষেপক আদৰণি জনাইছোঁ। বৈঠকত মই অংশগ্ৰহণ কৰিম আৰু মোৰ মন্তব্য প্ৰদান কৰিম । আশা কৰো যে ৰাজ্যৰ চৰকাৰে চিকিৎসক , অৰ্থনীতিবিদ, শিল্পপতি, ব্যৱসায়ী, শ্ৰমজীৱী , কৃষক , নিবনুৱা আৰু অন্য লোকসকলৰ বাবে আয়ৰ উৎসৰ ব্যৱস্থা কৰিব। মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে ক’ৱিড-১৯ ৰ বাবে দেশত দেখা দিয়া অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে উপায় উলিযায় "।

লগতে তেওঁ কয় যে অসমে কেৰালা চৰকাৰক অনুসৰণ কৰাৰ প্ৰয়োজন হৈছে ৷ কাৰণ দক্ষিণৰ ৰাজ্যখনে ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ ৰক্ষা পাবৰ বাবে আৰু অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।‌ কেৰালাত অসমৰ দৰে বহু একেধৰণৰ বস্তু আছে । কেৰালা চৰকাৰে অতি সোনকালেই পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু সকলো সাৰ্বজনিক স্বাস্থ্য সুবিধা জনতালৈ প্ৰেৰণ কৰিছে ।‌ তেওঁলোক সামাজিক দূৰত্ব বজাই ৰাখিয়েই কৃষি কৰ্ম অব্যাহত ৰাখিছে । কৃষক আৰু অন্য লোক সকলৰ লাভৰ বাবে এনেধৰণৰ ব্যৱস্থা অসমে হাতত ল'ব পাৰে।

লগতে তেওঁ কয় যে " ৰাজ্য চৰকাৰে কিছু ৰাজ্যৰ কিছুমান বিশিষ্ট যোজনা ল'ব লাগে কিয়নো অন্য ৰাজ্যতকৈ পৃথক যেনে বান সমস্যাও আছে । আশা কৰো যে ৰাজ্য চৰকাৰে জনতাৰ স্বাস্থ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰত উচিত ব্যৱস্থা ল'ব "।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com