তলাবন্ধৰ ফলত হোৱা লোকচান জোৰা মৰাৰ চেষ্টাঃ তৎপৰ ভাৰতীয় চাহ ব’ৰ্ড

তলাবন্ধৰ ফলত হোৱা লোকচান জোৰা মৰাৰ চেষ্টাঃ তৎপৰ ভাৰতীয় চাহ ব’ৰ্ড

তলাবন্ধৰ ফলত হোৱা লোকচান জোৰা মৰাৰ চেষ্টাঃ তৎপৰ ভাৰতীয় চাহ ব’ৰ্ড

ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ ফলত চাহ উদ্যোগৰ বিস্তৰ ক্ষতিসাধন হৈছে। ইতিমধ্যে সংকটত ককবকাই থকা চাহ উদ্যোগৰ প্ৰচুৰ ক্ষতিসাধন কৰিছে এই তলাবন্ধই। সম্প্ৰতি এই ক্ষতিৰ জোৰা মাৰিবলৈ তৎপৰ হৈছে ভাৰতীয় চাহ ব’ৰ্ড। চাহ উদ্যোগৰ ক্ষতিৰ জোৰা মৰাৰ উদ্দেশ্যে চাহ ব’ৰ্ডে বাগিচাত কেঁচাপাত ছিঙাৰ পৰা আৰম্ভ কৰি কলঘৰত চাহ উৎপাদন কৰি গ্ৰাহকক পোৱাৰ ব্যৱস্থা কৰা লৈকে-এই সমগ্ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰে সম্পন্ন কৰাৰ লক্ষ্য লৈছে। এই প্ৰক্ৰিয়াৰ প্ৰতিটো খোজতে সময় হ্ৰাসৰ সিদ্ধান্ত লৈছে চাহ ব’ৰ্ডে। বাগিচাসমূহক এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ বৰ্ডে অলপতে এক অধিসূচনা জাৰি কৰে। এই অধিসূচনাত কোৱা হৈছে যে তলাবন্ধৰ বিভিন্ন নীতি-নিৰ্দেশনা চৰকাৰে জাৰি কৰিছে। এই নীতি-নিৰ্দেশনাসমূহ বাগিচাসমূহেও মানি চলিবলগীয়া হৈছে। চাহ উদ্যোগে সন্মউখীন হোৱা ক্ষতিপূৰণৰ উপায় নিৰ্ধাৰণ কৰা হৈছে। কেঁচাপাত ছিঙাৰ পৰা চাহৰ উৎপাদন তথা গ্ৰাহকৰ হাতত পোৱাৰ ব্যৱস্থা কৰা এই গোটেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰে সম্পন্ন কৰিব লাগিব। প্ৰতিটো স্তৰতে সময় কমকৈ ব্যয় কৰিব লাগিব। উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাৰ পূৰ্বে চলিত বৰ্ষত ভাৰতীয় চাহ বৰ্ডে অসমৰ চাহৰ অধিক উত্তৰণৰ উদ্দেশ্য ব্যৱস্থা গ্ৰহণ কৰিছিল। এই উদ্দেশ্য ওড়িছাত চাহ বৰ্ডে এক বিশেষ প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ চাহ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আহ্বান জনাই আহিছে উত্তৰ পূব চাহ সমিতি (এন ই টি এই)য়ে। সমিতিয়ে দুমাহ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অনুৰোধ জনায় যে তেওঁ এক্ট ইষ্ট পলিচিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ চাহ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে যাতে চাহ উদ্যোগপতি সকলে চাহ ৰপ্তানিৰ ক্ষেত্ৰত উৎসাহ পায় । সমিতিখনে কয় যে পূব আৰু দক্ষিণ এছিয়াত চাহ ৰপ্তানিৰ ক্ষেত্ৰত চাহ এক 'ৰেডী ইণ্ডাষ্ট্ৰী' ।

সমিতিখনে কয় যে চাহ উদ্যোগ শ্ৰমিক নিৰ্ভৰ আৰু ইয়াৰ ৬০% শ্ৰমিকৰ মজুৰিতে ব্যয় হয় । চাহ উদ্যোগৰ আধা কৃষি আৰু অধিকাংশ চাহ উদ্যোগ‌ গ্ৰামীণ অঞ্চলত হোৱাৰ লগতে তাত উপযুক্ত বেংক ব্যৱস্থা ও নাই। সেইবাবে যেতিয়ালৈকে ইন্টাৰনেটৰ সৈতে এ টি এম সমূহ সংযোগ নহয় তেতিয়ালৈ ২% টি ডি‌‌ এছ ৰেহাই দিব পাৰে বুলি কয় সমিতিখনে।

এন‌ ই টি এৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে বিত্তমন্ত্ৰী গৰাকীক অনুৰোধ জনাই কয় যে চাহ উদ্যোগ সমূহত এক অনিশ্চিত আৰ্থিক সমস্যা আছে। ব্যাপক স্থায়ী শ্ৰমশক্তি, পতনশীল ফচল,স্থবিৰ দাম, ইনপুট ব্যয় দ্ৰুত গতিত বৃদ্ধিৰ লগতে সকলো সংগঠিত চাহ উদ্যোগৰ অহেতুক ব্যয় বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com