চাহ শ্ৰমিকক ২০% বনাচ দিয়াত সন্মতি প্ৰকাশ চাহ উদ্যোগ সমূহৰ

চাহ শ্ৰমিকক ২০% বনাচ দিয়াত সন্মতি প্ৰকাশ চাহ উদ্যোগ সমূহৰ

চাহ শ্ৰমিক সকলক ২০% বনাচ দিয়াত সন্মতি প্ৰকাশ চাহ উদ্যোগ সমূহৰ । দেশৰ বহুসংখ্যক বহুৰাষ্ট্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ চাহ প্ৰতিষ্ঠান সমূহে অসম চাহ মজদুৰ সংঘ ( Assam chah mazdoor Sangha , ACMS ৰ লগত মিলি সিদ্ধান্ত গ্ৰহণ কৰে যে, ২০১৮ - ২০১৯ ৰ দুৰ্গাপূজাৰ আগতেই চাহ শ্ৰমিক সকলক ২০% বনাচ দিয়াৰ ব্যৱস্থা কৰা হ'ব ।

যি নহওক , অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰূপেশ গোৱালে এখন বৈঠকৰ জৰিয়তে জনায় যে , দুই তিনি খন চাহ বাগিছাৰ কতৃপক্ষই প্ৰযোজ্য হোৱা ২০% বনাচ দুটা কিস্তি ( instal ত আদায় কৰিব । কিছুমান চাহ বাগিছা আছে যি বিলাকে অহা ১৩ চেপ্তেম্বৰ তাৰিখৰ আগতে ২০% বনাচ চাহ শ্ৰমিকক দিবলৈ সন্মতি প্ৰকাশ কৰিছে ।

সেই চাহ বাগিছা সমূহ হল, ৰোচেল ইণ্ডিয়া লিমিটেড ( Rossel India limited, 15% + 5% ), এণ্ডৰিউ য়ুলে এণ্ড কোম্পানী লিমিটেড (Andrew yule & company limited , 15% + 5% ) , গোডৰিক গ্ৰুপ (Goodrick group , 15% +5% ) , আমগুৰি ইণ্ডিয়া প্ৰাইভেট লিমিটেড ( Amguri India private limited , 15% + 5 % ) , চুৰাটৰ হ'ল ইণ্ডিয়া লিমিটেড ( Surat holl india limited , 15% + 5% ) , এম কৰে চাহ এক্সপোৰ্ট লিমিটেড ( MK sah export limited , 20% ) ,

জকেটলি টি কোম্পানী ( joketoli tea company, 15% + 5% ), যোৰহাট টি কোম্পানী ( jorhat tea company, 20% ), উষা টি কোম্পানী ( Usha tea estate ,20%), হোলোং হাবি টি ইষ্টেদ (hollong habi tea estate, 20%) , বলজালনি টি ইষ্টেদ ( Boljaloni tea estate, 20% ) , বাদুলীপাৰ টি ই ( Badulipar T.E ,20% ) , চালনিবাৰী টি ই( silonibari t.e ,20%) , চিঙিমাৰী টি ই ( singimari T.E,20% ) , অম্বিকা টি কোম্পানী(Ambika tea company, 20% ) , চূবলাইন এগ্ৰ (subline agro , 20%) , ভেৰগাও টি ই( vergaon TE, 10%+4%+6%) । লগতে বাকী থকা চাহ বাগিছা সমূহে অনতি পলমে তেওঁ লোকে প্ৰদান কৰিব লগীয়া বনাচ সমূহ সম্পূৰ্ণ কৰিব বুলি গোৱালাই আশা কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Leopard caged in Naharani Megha Tea Estate

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com