চাহ বাগানৰ চিকিৎসকসকলৰ কৰ্মৰ পৰা পদত্যাগ

চাহ বাগানৰ চিকিৎসকসকলৰ কৰ্মৰ পৰা পদত্যাগ

চাহ বাগানৰ সমূহত চিকিৎসকসকলৰ জীৱনৰ নিৰাপত্তা সাম্প্ৰতিক সময়ত ৰাজ্যত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷ যোৰহাট টিয়কত ড° দেবেন দত্তৰ হত্যাৰ পিছত ইতিমধ্যে পাঁচজন চিকিসৎকে চাহ বাগানৰ পৰা কৰ্মৰ পৰা পদত্যাগ কৰিছে । ইফালে বহু যুৱ চিকিৎসক চাহ বাগানসমূহত নিযুক্ত হৈ আছে ৷

কিন্তু তেওঁলোকৰ জীৱনৰ নিৰাপত্তা সম্প্ৰতি নোহোৱা হৈছে। ডা° দেবেন দত্তই হত্যাই চিকিৎসক সকলৰ মাজত ভয়ৰ সঞ্চাৰ কৰিছে ৷আইএমডি অৰ্থাৎ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ মতে যদি ৰাজ্য চৰকাৰে চিকিৎসক সকলক সুৰক্ষা দিব নোৱাৰে তেন্তে বহু চিকিৎসকে চাহ বাগানসমূহৰ পৰা বিদায় ল’ব। ৰাজ্য চৰকাৰে আকৰ্ষণীয় বেতন দিয়া স্বত্বেও ৰাজ্যৰ চাহ বাগান সমূহৰ পৰা বিদায় লৈছে চিকিৎসকসকলে ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি বহু চিকিৎসকল এতিয়াও কৰ্মস্থলীত উপস্থিত হোৱা নাই ।লগতে আন কিছুমানে বাগানসমূহত কাম কৰাৰ কাৰণে অস্বীকাৰ প্ৰকাশ কৰিছে ৷ড° দেবেন দত্তৰ হত্যাৰ ঘটনাটো প্ৰথম নহয় ৷ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই সকলো সীমা পাৰ কৰি দিলে ৷ আইএমডিএ এই সন্দৰ্ভত ২০১১ আইন খন বাহাল ৰখাৰ প্ৰস্তাৱ দিয়ে ৷ লগতে ডা° দেবেন দত্তৰ হত্যাৰ প্ৰসংগতো ৰাজ্য অন্যান্য লোকসকলৰ দৰে আছুয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আছুৱে ডা° দেবেন দত্তৰ হত্যাৰ লগত জৰিত লোকসকলক উচিত শাস্তিৰ দাবী জনাইছে ৷

এই ঘটনাই জনসাধাৰণৰ সকলো সহ্যৰ সীমা পাৰ কৰি দিছে ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ এখন বিজ্ঞপ্তি অনুসৰি সাম্প্ৰতিক সময়ত চিকিৎসকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে এইয়াই হৈছে উচিত সময় ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ ৰাজ্যিক সভাপতি ডা° সত্যজিৎ বৰা আৰু ৰাজ্যিক সভাপতি ডা° হেমাংগ বৈশ্যৰ মন্তব্য অনুসৰি চিকিৎসকসকলে কৰ্মবিৰতি ল’ব নিবিচাৰে যদিও এনেধৰণৰ পৰিস্থিতিত কৰ্ম বিৰতি লোৱাৰ বাহিৰে বেলেগ একো বিকল্প নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com