২০% ব'নাছৰ দাবীত ডুমডুমা বাদলাবেটা চাহ বাগিছাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ

২০% ব'নাছৰ দাবীত ডুমডুমা বাদলাবেটা চাহ বাগিছাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ

২০% ব'নাছৰ দাবীত ডুমডুমা বাদলাবেটা চাহ বাগিছাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । চাহ কৰ্মচাৰী সকলে ইতিমধ্যে ২০% বনাচৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে। তাৰোপৰি অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি আসাম টি ক'ৰপাৰেচন লিমিটেড (Assam tea corporation limited) ৰ অন্তৰ্গত চাহ শ্ৰমিক সকলক ২০% বনাচ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল ।

অসম চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি আসাম টি ক'ৰপাৰেচন লিমিটেড (Assam tea corporation limited) এ বহু কেইখন চাহ বাগিচাত ব'নাচ প্ৰদান কৰাৰ বিপৰীতে কিছুমান চাহ বাগিচাত কিস্তি হিচাপত ব'নাচ দিয়াৰ ব্যৱস্থা কৰিছে ।

কিন্তু ডুমডুমাৰ বাদলাবেটা চাহ বাগিচাৰ শ্ৰমিক সকলে লাভ কৰা নাই সম্পূৰ্ণ ২০% বনাচ । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ডুমডুমাৰ বাদলাবেটা চাহ বাগিছাত আজি পূৱাৰে পৰা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ব'নাচক কেন্দ্ৰ কৰি কাৰ্যালয় ঘেৰাও কৰে ডুমডুমাৰ বাদলাবেটা চাহ বাগিচাৰ শ্ৰমিক সকলে ।

ডুমডুমাৰ বাদলবেটা চাহ বাগিচাৰ শ্ৰমিক সকলৰ অভিযোগৰ ভিত্তিত বাগিছাৰ মালিকে মোকলাই দিয়া নাই প্ৰাপ্য ২০% ব'নাচৰ ধন ৷ চাহ বাগিচাৰ মালিকৰ নিৰ্দেশমৰ্মে বাগিছাৰ কতৃপক্ষই প্ৰথম কিস্তিত দিবলৈ প্ৰস্তুত হৈছে ১৩% বোনাছ ৷ কিন্তু চাহ বাগিচাৰ শ্ৰমিক সকলে নলয় ১৩% বনাচ ৷ শ্ৰমিকৰ দাবী মৰ্মে পূজাৰ পূৰ্বে এটা কিস্তিতে লাগে ২০% প্ৰাপ্য বনাৰ ধন ৷

ডুমডুমা বাদলবেটা চাহ বাগিচাৰ শ্ৰমিক সকলৰ অভিযোগৰ ভিত্তিত বাগিছা কতৃপক্ষই কয় যে শ্ৰমিক সকলে কৰা অভিযোগ পূৰ্বে পোৱা নাছিল কতৃপক্ষই । পূজাৰ পূৰ্বেই ২০% বনাচ দিয়াৰ চেষ্টা কৰা হ'ব বুলি কৈছে কতৃপক্ষই ।২০% বনাচ প্ৰদান নকৰাৰ কেন্দ্ৰ কৰিয়েই আজি ডুমডুমাৰ বাদলাবেটা চাহ বাগিচাৰ সকলো কামকাজ বন্ধ ৰাখিছে চাহ শ্ৰমিক সকলে । তাৰোপৰি বন্ধ হৈছে কলঘৰ, অচলহৈ পৰিছে কাৰ্যালয়ৰ সকলোধৰণৰ কামকাজ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com