Begin typing your search above and press return to search.

সন্ত্ৰাসবাদ এক উমৈহতীয়া ভাবুকিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সন্ত্ৰাসবাদ এক উমৈহতীয়া ভাবুকিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 8:20 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপল চিৰিসেনাক ১০ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ কাৰণে সাক্ষাৎ কৰে ৷ লগতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত এক উমৈহতীয়া ভাবুকি বুলি উভয় পক্ষই সহমত পোষণ কৰে ৷ ইফালে দুয়োগৰাকী নেতাই বিগত সপ্তাহত মোডীৰ শপত গ্ৰহণত মিলিত হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২১ এপ্ৰিলত ভয়ানক সন্ত্ৰাসবাদৰ আক্ৰমণৰ পিছত শ্ৰী লংকাত উপস্থিত হোৱা প্ৰথম বিদেশী নেতা ৷ উল্লেখ্য যে এই আক্ৰমণত ২৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল। গতিকে এনেধৰণে প্ৰধানমন্ত্ৰী মোডীৰ দেশ খনত উপস্থিত হোৱা কথাই দুয়োখন দেশৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব ৷

প্ৰধানমন্ত্ৰী মোডীৰ এই যাত্ৰাই কাষৰীয়া দেশৰ লগত শক্তিশালী,গুৰুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ পদক্ষেপ হিচাপে পৰিগণিত হৈছে ৷ ৰাষ্ট্ৰপতি মৈত্ৰীপল ছিৰিসেনাৰ লগত সাক্ষাৎৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে বিগত দিনৰ পিছত ৰাষ্ট্ৰপতি মৈত্ৰীপলৰ লগত আমাৰ দ্বিতীয় বৈঠক ৷ ৰাষ্ট্ৰপতি আৰু মই এই কথাত সন্মত যে সন্ত্ৰাসবাদ হৈছে উমৈহতীয়া ভাবুকি ৷ লগতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে এক যৌথ পদক্ষেপৰ প্ৰয়োজন ৷ শ্ৰীলংকাৰ নিৰাপদ,সমৃদ্ধিশালী ভৱিষ্যতৰ কাৰণে ভাৰত দৃঢ় প্ৰতিজ্ঞ বুলি টুইট কৰে মোডীয়ে।

মোডীয়ে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছত প্ৰথমটো ভ্ৰমণত মালদ্বীপলৈ যায়। তাৰ পৰা মোডী উপস্থিত শ্ৰী লংকাত ৷ মোডী কলম্বোত উপস্থিত হোৱাৰ পিছত ছেইন্ট এন্থনী গিৰ্জালৈ যায় । আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলী জনাই । শ্ৰীলংকাত বিগত এপ্ৰিল মাহত ইস্তাৰৰ দিনা সন্ত্ৰাসবাদীয়ে গিৰ্জাটোত আক্ৰমণ কৰিছিল। আক্ৰমণটোত নিহত হৈছিল ২৫০ জন লোক ৷ইয়াৰে ১১ জন আছিল ভাৰতীয় ৷ ইফালে মোডীয়ে টুইটত উল্লেখ কৰে যে মোৰ বিশ্বাস যে শ্ৰীলংকা পুনৰ শক্তিশালী হৈ উঠিব ৷

সন্ত্ৰাসবাদীৰ ভয়াতুৰ কাৰ্যই শ্ৰীলংকাৰ মনোবল শেষ কৰিব নোৱাৰে ৷ ভাৰত শ্ৰীলংকাৰ লোকসকলৰ সদায় লগত আছে ৷ মোডীয়ে এই আক্ৰমণত নিহত আৰু আহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷অন্যহাতে প্ৰধানমন্ত্ৰী মোডীয়ে ইণ্ডিয়া হাউছৰ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আলোচনা কৰে৷ তথা দ্বিপাক্ষিক সম্বন্ধক শক্তিশালী কৰাৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰতিপন্ন কৰিলে যে ভাৰতীয় গণতন্ত্ৰ কিমান শক্তিশালী ৷ আমি লোকসকলৰ গণতন্ত্ৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাক প্ৰত্যক্ষ কৰিছোঁ ৷মোডীয়ে ভাৰতীয় সম্প্ৰদায় লোকসকলক ভাৰতৰ বিকাশত সহযোগ কৰিবলৈ আহ্বান কৰে৷ আজি সমগ্ৰ বিশ্বত ভাৰতৰ প্ৰতিচ্ছবি শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈছে ।ইয়াৰ কাৰণে ধন্যবাদৰ যোগ্য প্ৰবাসী ভাৰতীয়সকলক বুলি কয়। মোডী ভাষ্য যে মই য’তেই উপস্থিত হওঁ তাতেই প্ৰবাসী ভাৰতীয়সকলে সফলতাৰ কথা উল্লেখ কৰে ৷

লগতে মোডীয়ে বিভিন্ন দেশত বাস কৰা ভাৰতীয়সকলৰ প্ৰসংগ উল্লেখ কৰি কয় যে মই বিভিন্ন দেশত উপস্থিত হওতেই কোনেও ভাৰতীয়সকলৰ প্ৰসংগত কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা নাই। এইয়া ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ ফল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি