Begin typing your search above and press return to search.

সন্ত্ৰাসবাদ বিশ্বৰ সকলোতকৈ বৃহৎ আতংকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সন্ত্ৰাসবাদ বিশ্বৰ সকলোতকৈ বৃহৎ আতংকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Jun 2019 7:18 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শনিবাৰে মন্তব্য কৰে যে সন্ত্ৰাসবাদ বিশ্বৰ সকলোতকৈ বৃহৎ আতংক ৷ সন্ত্ৰাসবাদক মষিমূৰ কৰিবৰ কৰাটো বিশ্ব নেতাসকলৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মালদ্বীপৰ সংসদ আৰু পিপুল্স মাজলিছত সম্বোধিত কৰে ৷ আৰু বহু কেইখন চুক্তি প্ৰধানমন্ত্ৰী মোডীয়ে স্বাক্ষৰিত কৰে।

সন্ত্ৰাসবাদৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সন্ত্ৰাসবাদ এখন দেশৰ কাৰণে নহয় সমগ্ৰ বিশ্বৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বান ৷ ইয়াৰ ভিতৰত এদিনো নাই, যিটো দিনত সন্ত্ৰাসবাদে আক্ৰমণ কৰা নাই ৷ তেওঁলোকৰ ওচৰত কোনো বেংকৰ একাউন্ট নাই , কিন্তু তেওঁলোকৰ টকাৰ কোনো অভাৱ নাই ৷ কিন্তু তেওঁলোকে টকা ক’ৰ পৰা পায়? তেওঁলোকক টকা দিয়ে কোনে? ৰাজ্যৰ সামগ্ৰিক উন্নয়ণৰ কাৰণে সন্ত্ৰাসবাদ এক তীব্ৰ প্ৰত্যাহ্বান।

ইফালে ভাল সন্ত্ৰাসবাদ আৰু বেয়া সন্ত্ৰাসবাদৰ মাজত পাৰ্থক্য বিছাৰা কথাটো এক সঠিক নহয় । এই পাৰ্থক্যটো হৈছে কৃত্ৰিম ৷ গতিকে মানৱতাৰ ওপৰত বিশ্বাস কৰা সকলোৱে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আগবাঢ়িব লাগে ৷ অন্যহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদ সম্বন্ধীয় সকলো প্ৰত্যাহ্বানৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে এখন সন্মিলনৰ আয়োজন কৰিবলৈ আহ্বান কৰে ৷

লগতে মোডীয়ে মন্তব্য কৰে যে পৰিস্থিতি আৰু অধিক গম্ভীৰ হ’লে পিছৰ প্ৰজন্মই আমাক ক্ষমা নকৰিব ৷ মালদ্বীপৰ লগত নিজৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে ভাৰত দৃঢ় প্ৰতিজ্ঞ ৷ মোডীয়ে লগতে কয় যে নেইবাৰহুড ফাৰ্ষ্ট পলিছি চৰকাৰৰ কাৰণে উল্লেখ্যনীয় ৷

নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালদ্বীপলৈ প্ৰথম বিদেশ ভ্ৰমণৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহমদ চলিহে প্ৰধানমন্ত্ৰীৰ সিন্ধান্তক আন্তৰিক আদৰনি জনাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানী মালেত উপস্থিত হয় ।ইয়াৰ পৰায়ে ৰাষ্ট্ৰপতিৰ লগত আলোচনাত মিলিত হয় । সন্ধিয়া লৈ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মালদ্বীপত মোদীক উষ্ম আদৰণি জনোৱা কথাও উল্লেখ কৰে । মালদ্বীপৰ বিদেশ মন্ত্ৰীয়ে টুইটাৰযোগে , নমস্কাৰ,স্বাগতম বুলি প্ৰকাশ কৰে।

মালদ্বীপত উপস্থিত হোৱাৰ পাছত দেওবাৰে শ্ৰী লংকাত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”ওচৰ চুবুৰীয়া প্ৰথম নীতি ” অনুসৰি দুয়োখন ৰাজ্যৰ মাজত আলোচনা হব বুলি প্ৰকাশ কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ইব্ৰাহিম চলিহাৰ শপত গ্ৰহণ অনুষ্ঠান উপস্থিত আছিল ।মালদ্বীপত উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিব ।

মোদীৰ প্ৰথম কাৰ্যকালত বহুকেইখন দেশৰ সংসদত সম্বোধন কৰিছে তেওঁৰ ভ্ৰমণৰ সময়তে । ২০১৪ চনত ভূটাৰ সংসদত সম্বোধন কৰাৰ লগতে নেপাল, অষ্ট্ৰেলিয়া, ফিজি, মাউৰিটিউচ, শ্ৰী লংকা, মংগলিয়া, আফগানিস্তান, আমেৰিকা , বৃটেইন আৰু উগাণ্ডাৰ সংসদত সম্বোধন কৰিছিল ।

দেওবাৰে শ্ৰী লংকালৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।উল্লেখযোগ্য যে এপ্ৰিলত শ্ৰী লংকা ভয়াবহ ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটনা সংঘটিত কৰাৰ পাছত শ্ৰী লংকালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হব প্ৰথম জন বিদেশী নেতা ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি