Begin typing your search above and press return to search.

শিক্ষা বিভাগে ছেপ্তেম্বৰত অনুষ্ঠিত কৰিব টে’ট:১৭,২৯৩ টা শিক্ষকৰ পদ খালী

শিক্ষা বিভাগে ছেপ্তেম্বৰত অনুষ্ঠিত কৰিব  টে’ট:১৭,২৯৩ টা শিক্ষকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2019 8:18 AM GMT

শিক্ষা বিভাগে চলিত বৰ্ষৰ ছেপ্তেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত কৰিব ৷ শিক্ষা বিভাগৰ অধিনিয়ম অনুসৰি শিক্ষা বিষয়াৰ লগত জৰিত শিক্ষকসকলক নিযুক্তি লাভ কৰাৰৰ কাৰণে টেট পৰীক্ষা অনিবাৰ্য ৷ ইফালে ৰাজ্যত দ্বিতীয় বাৰৰ কাৰণে অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷

ইয়াৰ সাত বছৰৰ পূৰ্বতে ৰাজ্যত অনুষ্ঠিত হৈছিল টেট। শিক্ষকতা পদৰ কাৰণে অৰ্হতা থকা ব্যক্তিয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷উল্লেখ্য যে বৰ্তমান ৰাজ্যত নিম্ন আৰু উচ্চ বিভাগত ১৭,২৯৩ টা পদ খালী হৈ আছে ৷ ইয়াৰ ভিতৰত ১০,১৩৭ টা নিম্ন প্ৰাথমিক বিভাগত পদ খালী হৈ থকা বিপৰীতে ৭,১৫৫ টা উচ্চ প্ৰাথমিকৰ পদ খালী হৈ আছে।

ৰাজ্যৰ শিক্ষা বিভাগৰ এক বিশেষ সূত্ৰই দ্য ছেন্টিনেলৰ সন্মুখত কয় যে যদি কোনোৱে শিক্ষকৰ যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হয় ৷তেন্তে জৰুৰী নহয় যে তেওঁলোকে সেই পদত নিযুক্তি পাব।ইয়াৰ মাজতে বুধবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে টেট শিক্ষকসকলে ভ্ৰান্ত চিন্তাৰ দ্বাৰা পৰিচালিত হৈ আন্দোলন কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৯০০০ স্থায়ী পদত নিযুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ প্ৰথমবাৰলৈ ২০১২ চনত সাধাৰণ টেট অনুষ্ঠিত হোৱাৰ পাছৰে পৰা এতিয়ালৈ নতুনকৈ সাধাৰণ টেট অনুষ্ঠিত হোৱা নাই । অন্যহাতে যদি নিয়মীয়া পদত নিযুক্তি পাব বিচাৰে পুনৰ টেট উত্তীৰ্ণ হ’ব লাগিব ৷

উল্লেখ্য যে টেট শিক্ষকৰ প্ৰমাণ পত্ৰক , শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰাৰ পিছতেই ৰাজ্যজুৰি টেট শিক্ষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক উদ্দেশ্য কৰি মন্তব্য কৰে যে ৰাজ্যত শৈক্ষিক বাতাবৰণ সুনিশ্চিত কৰিবৰ কাৰণে শিক্ষামন্ত্ৰীয়ে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ অধ্যক্ষ জীৱন চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টেট শিক্ষকসকলৰ প্ৰমাণ পত্ৰক বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰা কথাটো সহ্য কৰা ন’হব ৷লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্তব্যক পুনৰ উঠাই ল’বলৈ সোঁৱৰাই দিছে শিক্ষক সন্মিলনীয়ে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দুয়োজন নেতাৰ মন্তব্য অনুসৰি ২০১৮ বৰ্ষৰ ১৯ জুনত শিক্ষা মন্ত্ৰীৰ লগত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই সময়ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকা ভীত্তিক শিক্ষকতা কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷কিন্তু সেই প্ৰতিশ্ৰুতিৰ পাছত বিগত এটা বছৰে কোনো এজন শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ ন’হল ৷

টেটৰ শিক্ষক সকলে ২৯ জুনত “দিছপুৰ চল” গনতান্ত্ৰীক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে । যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰে।পূৰ্বতেও টেটৰ শিক্ষক সকলে বহুতো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীলৈ । কিন্তু চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।

যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে টেটৰ শিক্ষক সকলে ২৯ জুনত “দিছপুৰ চল” গনতান্ত্ৰীক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে ।

অধিক খবৰৰ বাবে পঢ়ক: সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত চি চি টি ভি কেমেৰা থাকিব লাগিব: উচ্চ শিক্ষা বিভাগ

Next Story
চাকৰি