Begin typing your search above and press return to search.

২৮ তাৰিখে মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিব উদ্ধৱ থাকৰে

২৮ তাৰিখে মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিব উদ্ধৱ থাকৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2019 9:15 AM GMT

২৮ তাৰিখে মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিব উদ্ধৱ থাকৰে ।২৩ নৱেম্বৰ তাৰিখে ৰাতিপুৱা মাত্ৰ ৮০ ঘন্টাৰ পিছত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ চকী দখলৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হয় দেৱেন্দ্ৰ ফাড়নাবিছ আৰু অজিত পাৱাৰে । ২৭ তাৰিখ মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বুধবাৰে বিয়লি ৫ বজাত বিধানসভাত আস্থা ভোট সম্পন্ন হ'ব আৰু গোপন বেলেট যোগে হ'ব নোৱাৰিব আস্থা ভোট । লগতে টেলিভিছন যোগে পোনপটীয়া সম্প্ৰচাৰ হ'ব আস্থা ভোট ।

২৮ তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে শিৱ সেনাৰ সভাপতি উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব চেট্ৰেল মুম্বাইৰ শিৱাজী পাৰ্কত । প্ৰথমতে ১ ডিচেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে উদ্ধৱ থাকৰেই শপত গ্ৰহনৰ কথা আছিল । কিন্তু ইয়াৰ পূৰ্বে ৰাজ্যপালে শপত গ্ৰহণৰ সময় আগুৱাই দিয়া হয় ।

ইফালে ৰাজ্যপাল ভগত সিং কেশৰীয়ে বুধবাৰে বিয়লি ৮ বজাত বিধানসভাৰ এখন বিশেষ অধিবেশন‌ আহ্বান জনায়। লগতে বুধবাৰে বিধানসভাত প্ৰ'মেট অধ্যক্ষ কালিদাস কোলাশ্বকাৰে নৱ নিৰ্বাচিত বিধায়ক সকলক শপত বাক্য পাঠ কৰাব।

আনহাতে শিৱসেনা, কংগ্ৰেছ , এন চি পিৰ মহা বিকাশ আঘাদী মৰ্চাৰ নেতা উদ্ধৱ থাকৰেৰ লগতে এন চি পি আৰু কংগ্ৰেছৰ দুজনকৈ নেতাই উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে উদ্ধৱ থাকৰে হ'ব থাকৰে‌ পৰিয়ালৰ প্ৰথমজন মুখ্যমন্ত্ৰী। নিৰ্বাচিত হোৱাৰ পিছতেই উদ্ধৱ থাকৰেই কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধী আৰু এন‌ চি পি ৰ সভাপতি শাৰদ পাৱাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।

জানিব পৰা মতে এন‌ চি পিৰ নেতা জয়ন্ত পাটিল আৰু কংগ্ৰেছৰ বালাচাহেবে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

অন্য খবৰৰ বাবে পঢ়ক: ৮০ ঘন্টীয়া শাসনৰ পৰা পদত্যাগ কৰিলে ফাড়নাবিছ আৰু অজিত পাৱাৰে

ভিডিঅ প্ৰতক্ষ্য কৰক: Agitated locals protest against deplorable roads, gheraoes circle office in Kathigorah

Next Story
চাকৰি