বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানীয়ে সম্প্ৰতি ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ মংগলবাৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে ৷ সম্প্ৰতি ১৪৫ খন গাঁৱৰ ১৪ টা ৰাজহ চক্ৰৰ ৬২,৪১৯ জন লোকক সমগ্ৰ ৰাজ্যত বানপানীয়ে বিধ্বস্ত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰৰ পানীয়ে নিমাতী ঘাটত বিপদ সীমা অতিক্ৰম কৰিছে ৷

ইয়াৰোপৰি নুমলীগড়ত ধনশিৰী নদীয়ে,এন টী ৰোডত জিয়া ভৰালীয়ে,এনএইচ ৰোডত পুঁথিমাৰি আৰু বৰপেটাত বেকী নদী বিপদসীমা অতিক্ৰম কৰিছে ৷ অন্যহাতে ভূটান আৰু অৰুণাচল প্ৰদেশত বিগত কিছুদিনৰ পৰা একেৰাহে হোৱা বৰষুণৰ কাৰণে নদীসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পাইছে ৷ ইয়াৰ উপৰিও নীপকোৱে সম্প্ৰতি ৰঙানদী পৰিযোজনাৰ পানী এৰি দিয়াৰ তথ্য পোৱা গৈছে ৷ নীপকোৰ বান্ধ খুলি দিয়াৰ ফলত ৰঙানদীৰ পানীয়ে সৃষ্টি কৰা প্ৰলংয়কাৰী বানৰ ফলত কেইবাখনো গাঁৱৰ লোক আৱদ্ধ হৈ আছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে ধেমাজি,লক্ষীমপুৰ, বিশ্বনাথ, গোলাঘাট আৰু যোৰহাট জিলা বানৰ কবলত আছিল যদিও সম্প্ৰতি বৰপেটা,চিৰাং আৰু ডিব্ৰুগড় জিলা বানৰ কবলত পৰিছে ৷ ইফালে চিয়াং ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে জোনাই ৰাজহ চক্ৰৰ অন্তগৰ্ত বৃহত্তৰ বেৰাচাপৰি,মালভোগ,শান্তিপুৰ,কেৰকেৰ, জলধুবি,জীয়াঢল, গোলাঘাট,মিলনতীৰ্থ, মানিমুনি,বলুকাগুৰি , মেচাকি চাপৰি আদি গাঁৱসমূহ প্লাবিত কৰিছে।

দ্বিতীয়তে ধেমাজী,বৰপেটা,চিৰাং,গোলাঘাট,যোৰহাট আৰু ডিব্ৰুগড়কে ধৰি আঠখন জিলাত ৩,৪৩৫ হেক্টৰ ভূমি বানপানীয়ে প্ৰভাৱিত কৰিছে ৷ আৰু বানত ১৭,২৭৫ টা জন্তু প্ৰভাৱিত হোৱাৰ বিপৰীতে ৪,৮৩৮টা মূৰ্গীৰ মৃত্যু হৈছে ৷ অন্যহাতে বানপানী বহু জিলাৰ পথসমূহৰ ক্ষতি কৰিছে ৷ ইয়াৰ ভিতৰত ওদালগুৰি আৰু বৰপেটাৰ বহু অঞ্চলত পথ ক্ষতি গ্ৰস্ত হোৱা দেখা গৈছে ৷ লক্ষীমপুৰত দুটা অঞ্চল আৰু বৰপেটা এটা অঞ্চলত দলং বানে উটুৱাই নিছে ৷ আৰু বৰপেটা বহু ঠাইত সম্প্ৰতি গৰাখহনীয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, ডিমা হাছাও জিলাৰ এখন গাঁৱত ভূমি স্খলন হোৱাৰ তথ্য পোৱা গৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com