কাইলৈ ২১ এপ্ৰিলৰ পৰা মুকলি হ’ব নিম্নোক্ত সেৱা-কামকাজ

কাইলৈ ২১ এপ্ৰিলৰ পৰা মুকলি হ’ব নিম্নোক্ত সেৱা-কামকাজ
ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ নঘটা বা এই মহামাৰীয়ে অধিক জটিল ৰূপ ধাৰণ নকৰা ৰাজ্য অথবা স্থানসমহূত কেন্দ্ৰীয় চৰকাৰে কাইলৈ, ২১ এপ্ৰিলৰ পৰা কেতবোৰ সেৱা আৰু কাম-কাজ মুকলিৰ সিদ্ধান্ত লৈছে। ইয়াৰ এখন তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এই তালিকাত অন্তৰ্ভুক্ত সেৱা আৰু কাম-কাজসমূহ তলত দিয়া হৈছে।
১) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।
২) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।
৩) ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কম্পিউটাৰ, মোবাইল মেকানিকে মানুহৰ ঘৰত গৈ বেয়া হোৱা সামগ্ৰীৰ মেৰামতি কৰিব পাৰিব।
৪) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।
৫) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।
৬) এনৰেগা আঁচনিৰ অধীনৰ কাম অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অৱশ্যে কাম কৰা শ্ৰমিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁলোকেও সামাজিক দূৰত্ব মানি চলিব লাগিব।
৭) ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্য্যালয়সমূহ উক্ত দিনাৰ পৰা মুকলি হোৱাৰ লগতে ব্যক্তিগত বা বাণিজ্যিক কাৰ্য্যালয়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব।অৱশ্যে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে ৫০ শতাংশ বিষয়া-কৰ্মচাৰীৰে চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়সমূহ চলাব লাগিব।
৮) সা-সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব। লগতে কাৰ্য্যালয়লৈ যাবলৈ ব্যৱহৃত সকলো বে-চৰকাৰী বাহনকো অনুমতি প্ৰদান কৰা হৈছে।
৯) ঔদ্যোগিক খণ্ডতো চৰকাৰী বা বেচৰকাৰী উদ্যোগত সীমিত সংখ্যক শ্ৰমিক কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।
অৱশ্যে এই সুবিধাসমূহ ক’ৰ’না মহামাৰীৰ কৱলত পৰা অঞ্চলসমূহৰ বাবে উপলব্ধ নহ’ব।
অন্য খবৰৰ বাবে পঢ়ক: শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি
ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown