তিনিচুকীয়া চহৰৰ মাজ-মজীয়াত চুৰিকাণ্ড

তিনিচুকীয়া চহৰৰ মাজ-মজীয়াত চুৰিকাণ্ড

এক চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে তিনিচুকীয়া চহৰৰ মাজমজিয়াত ৷ সম্প্ৰতি তিনিচুকীয়াত বৃদ্ধি পাব ধৰিছে চুৰি-ডকাইতিৰ ঘটনা ৷ আৰক্ষীয়ে গীজ-গীজাই থকা তিনিচুকীয়া চহৰৰ মাজ-মজীয়াত তিনিচুকীয়া ৰাজ্যিক বাছ আস্থানৰ কাষত অৱস্থিত Inder Mansion বিল্ডিংত দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয় ৷

চুৰি কাণ্ডত চোৰে নেশ্যনেল ইনচুৰেঞ্চ কায্যালয়ৰ লগতে ৬ টা কায্যালয়ত চুৰি কাণ্ড সংঘটিত কৰি লক্ষাধিক টকা লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ সোমবাৰে পুৱা কায্যালয়লৈ গৈ কৰ্মচাৰীসকলে দেখা পাই যে সকলো কায্যালয়ৰ দৰ্জাৰ তলা ভঙা আৰু আলমাৰীসমূহৰো তলা ভঙা ৷

লগে লগে কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কাৰ্যালয়টোলৈ গৈ দেখে যে ইনচুৰেঞ্চৰ কায্যালয়ৰ পৰা ৩৩ হাজাৰ টকা আৰু বাকী কায্যালয়সমূহৰ পৰাও কিছু পৰিমাণে টকা লৈ পলাই যায় চুৰি কাণ্ডত জৰিত দলটো ৷

কৰ্মচাৰীসকলে চুৰি কাণ্ড সন্দৰ্ভত অৱগত হোৱাৰ পাছত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

কায্যালয়ৰ কৰ্মচাৰীসকলে অভিযোগ দিছে যে নিশা হোৱাৰ লগে লগে কায্যালয়লৈ যোৱাৰ পথত মদ-জুৱাৰ আদ্দা আৰম্ভ হয় আৰু তাত বিভিন্ন ব্যক্তিৰ আগমন ঘটাৰ ফলত পৰিবেশটো বিনষ্ট হয় ৷ গতিকে স্থানীয় লোকসকলে আৰক্ষী-প্ৰশাসনক উক্ত স্থানত আৰক্ষীৰ হস্তক্ষেপৰ দাবী কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com