Begin typing your search above and press return to search.

চোৰে চুৰ কৰিলে সকলো কিন্তু এৰি থৈ গ'ল নিজৰ আধাৰ কাৰ্ড

চোৰে চুৰ কৰিলে সকলো কিন্তু এৰি থৈ গল নিজৰ আধাৰ কাৰ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2019 10:07 AM GMT

ডেৰাডুনৰ এখন দোকানত এক চাঞ্চ্যলকৰ চুৰি কাণ্ড সংঘটিত হৈছে । দোকান খনৰ পৰা চোৰে সকলো চুৰ কৰি নিলে। কিন্তু চোৰে লৰালৰিকৈ নিজৰ আধাৰ কাৰ্ড খন এৰি থৈ যায় দোকানতে। পিছত আৰক্ষীয়ে আধাৰ কাৰ্ডৰ ভিত্তিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

দোকান খনৰ পৰা চোৰ নিৰাজে প্ৰয়োজনীয় সকলো বস্তু লৈ উধাও হয় । কিন্তু নিজৰ বিৰুদ্ধে থকা অতি গুৰুত্বপূৰ্ণ প্ৰমাণ এৰি থৈ যায় চোৰটোৱে। নিৰাজে এৰি থৈ যোৱা আধাৰ কাৰ্ডৰ ভিত্তিত আৰক্ষীয়ে কোনো কষ্ট নকৰাকৈয়ে আটক কৰিব পাৰে ।

উত্তৰাখণ্ডৰ ডেৰাডুনৰ এজন দোকানীত এই ঘটনা সংঘটিত হৈছে । দোকান খনৰ মালিক আছিল অনিল চেট্টী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰে যে, যোৱা মাহত অনিল চেট্টীৰ দোকানত এই চুৰিকাণ্ডটো সংঘটিত হৈছিল । দোকান খনত চোৰটোৱে চিলিঙ ভাঙি প্ৰবেশ কৰি চুৰিকাণ্ড সংঘটিত কৰিছিল ।

চোৰটোৰ ঘৰ ডেৰাডুনত বুলি প্ৰকাশ কৰিছে । বয়স ২৭ বছৰ। এৰি যোৱা আধাৰ কাৰ্ড খনৰ ভিত্তিতে নিৰাজক আটক কৰে আৰক্ষীয়ে । চোৰটোৱে কেৱল আধাৰ কাৰ্ডে এৰি যোৱা নাই, চিচিটিভি কেমেৰাটো দেখিবলৈ পোৱা গৈছে নিৰাজক । কিন্তু আৰক্ষীয়ে চিচিটিভিত নিৰাজৰ মুখ খন স্পষ্ট ভাবে দেখিবলৈ পোৱা নাই। কিন্তু এৰি যোৱা আধাৰ কাৰ্ডৰ সহায়ৰে আৰক্ষীয়ে সহজতে আটক কৰিব পাৰে চোৰটোক ।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰে যে, বুধবাৰে দোকানৰ মালিকে দোকানৰ চিলিং চাফা কৰিবলৈ লোৱাৰ সময়তে এই গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰে। চিলিংৰ ওচৰত নিৰাজৰ মানিবেগ আৰু আধাৰ কাৰ্ড খন লাভ কৰে । আৰক্ষীয়ে নিৰাজৰ ঠিকনা লাভ কৰি গ্ৰেপ্তাৰ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : উজান বজাৰৰ বৰখেলিয়া নামঘৰৰ চুৰি কাণ্ডৰ অভিযুক্ত ২ জনক গ্ৰেপ্তাৰ

Next Story
চাকৰি