চৰকাৰী বিভাগত হাজাৰৰো অধিক গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে

চৰকাৰী বিভাগত হাজাৰৰো অধিক গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে

দেশৰ চৰকাৰী বিভাগত হাজাৰৰো অধিক গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে । ২০১৪ -১৫ চনৰ পৰা চৰকাৰী এই গুৰুত্বপূৰ্ণ পদ সমূহ খালী হৈ আছে । এনে পৰিস্থিতিত বিত্ত বিভাগে এই পদ সমূহ পূৰনৰ বাবে অনুমোদন জনাইছে । সকলো বিভাগৰ খালী পদ সমূহত পূৰনৰ পূৰ্বে বিত্ত বিভাগৰ অনুমোদনৰ প্ৰয়োজন।

এই বিষয়টো গুৰুত্ব সহকাৰে লৈ বিত্ত বিভাগে পদ সমূহ পূৰন বাবে সময় সীমা ২০২০ চনৰ ৩১ মাৰ্চলেকে বৃদ্ধি কৰে। কিছুমান বিভাগে ইমান কম সময়ৰ ভিতৰত পদ সমূহ পূৰন কৰাত অসুবিধা হব বুলি প্ৰকাশ কৰাৰ পাছতে সময় সীমা বৃদ্ধি কৰা হয়। বিভাগৰ সমহে লগতে কয় যে ইমান কম সময়ৰ ভিতৰত পদ সমূহ পূৰন সম্পূৰ্ণ নহয় । বিভাগ সমূহে তেওঁলোকৰ ব্যৰ্থৰ বাবে বিভিন্ন কাৰন দৰ্শাই ।

বিভাগটোৱে লগতে পৰীক্ষা কৰিবলৈ কয় যে, যিবোৰ পদ বহু বছৰ ধৰি খালী হৈ আছে আৰু এই পদ সমূহৰ উপযোগিতা শেষ হৈছে , সেই সমূহ বিলুপ্ত কৰা হব । বিত্ত বিভাগক ব্যয় নিয়ন্ত্ৰণৰ বাবে পক্ৰিয়া মতে এই প্ৰস্তাৱটো আগবঢ়াইছিল।

বিত্ত বিভাগে বিভাগ সমূহক কয় যে, ২০০৬-০৭ ৰ পৰা ২০১৪-১৫ চনলৈ বিভাগ সমূহে আৰ্থিক অনুমোদনৰ বৈধতা বৃদ্ধিৰ নিদিষ্ট প্ৰস্তাৱ দিব পাৰে , যত কোৰ্ট অথবা আদেশৰ ভিত্তিত পদ সমূহ পূৰন কৰা নহয় ।দেশৰ বিভিন্ন বিভাগ সমূহত খালি হৈ থকা পদ সমূহৰ বাবে কাম কাজ সমূহো লেহেমীয়া গতিৰে চলিছে ।২০১৪ -১৫ চনৰ পৰা চৰকাৰী এই গুৰুত্বপূৰ্ণ পদ সমূহ খালী হৈ আছে ।

।দেশৰ ৰাজধানী নতুন দিল্লীত হাজাৰৰো অধিক পদ খালী হৈ আছে । তাৰ পৰিপ্ৰেক্ষিততে দুদিনীয়াকৈ চাকৰি মেলা (Job fair) আয়োজন কৰা হৈছিল দিল্লীত । নিয়োগ বিভাগে এই মেলা আয়োজন কৰিছিল জানুৱাৰী মাহত । দিল্লী চৰকাৰৰ অধিনত বিভিন্ন বিভাগত বহুতো পদ খালী হৈ আছে। প্ৰায় ৭৬ কৰ্মচাৰীয়ে এই চাকৰি মেলাত অংশগ্ৰহন কৰিছিল । ৩০,০০০ ৰ পৰা ৪০,০০০ নিবনুৱায়ে এই মেলাত অংশগ্ৰহন কৰে ।

দেশৰ চৰকাৰী বিভাগত হাজাৰৰো অধিক গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে ।এই বিষয়টো গুৰুত্ব সহকাৰে লৈ বিত্ত বিভাগে পদ সমূহ পূৰন বাবে সময় সীমা ২০২০ চনৰ ৩১ মাৰ্চলেকে বৃদ্ধি কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com