অসমৰ ৩ জেহাদীৰ লগতে ১৯ জনক দোষী সাব্যস্ত এনআইএ আদালতৰ

অসমৰ ৩ জেহাদীৰ লগতে ১৯ জনক দোষী সাব্যস্ত এনআইএ আদালতৰ

অসমৰ ৩ জেহাদীৰ লগতে ১৯ জনক দোষী সাব্যস্ত এনআইএ আদালতৰ । পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত বুধবাৰে কলকাতাৰ এনআইএ আদালতে দোষী সাব্যস্ত কৰা ১৯ জন লোকৰ ভিতৰত আছে অসমৰ তিনিজন জেহাদী ৷২০১৪ চনত সংঘটিত এই বিস্ফোৰণত ১৯ জন দোষীৰ ভিতৰত চাৰিটা বাংলাদেশৰ৷

ইফালে অসমৰ তিনিটা জেহাদীক শ্বেইখুল ইছলাম খান,মহম্মদ চাহানুৰ আলম আৰু শ্বাহিদূল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।ছাহানুৰৰ ঘৰ বৰপেটাৰ চটলাত ৷ ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিম বংগৰ বৰ্ধমান জিলাৰ সদা ব্যস্ত খৰগগৰ অঞ্চলৰ এটি ভাৰাতীয়া ঘৰত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰিত আইডীটো দুৰ্ভাগ্য বশত সন্ত্ৰাসবাদী সংগঠনে নিৰ্মাণ কৰি থাকোতে বন্ধ হৈ যায় ৷

এনআইএৰ এক বিজ্ঞপ্তি অনুসৰি JMB ৰ সদস্যই সেই ঘৰটো বাস কৰিছিল যদিও প্ৰকৃততে সেই ঘৰটো বম নিৰ্মাণ কৰিবৰ কাৰনে ব্যৱহাৰ কৰিছিল। বিস্ফোৰণৰ সময়ত কিছুমান অভিযুক্তই প্ৰাণ হেৰুৱালে যদিও এজন অভিযুক্ত আঘাত প্ৰাপ্ত হয় । ইয়াৰ পিছত এই সমগ্ৰ বিষয়টো এনআইএয়ে তদন্ত কৰিবলৈ লয় ৷

এনআইএৰ তদন্তত ভাৰতত JMBয়ে নিজৰ সদস্যৰ লগতে ভাৰত বাংলাদেশত সন্ত্ৰাসবাদী সংগঠনক অধিক সক্ৰিয় কৰা,বিভিন্ন অস্ত্ৰৰ প্ৰশিক্ষণ,সংগঠনত যোগদান কৰোৱা আদি বহু তথ্য ফাদিল হয়। তদন্তৰ সময়ত বহু পৰিমাণ আইডী,বিস্ফোৰিত সামগ্ৰী,প্ৰশিক্ষণ ভিডিঅ’ আদি লাভ কৰে। আনহাতে এনআইএয়ে এই গোচৰত ৩০ লোকক গ্ৰেপ্তাৰ কৰিছিল ।বাকীসকলৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। ইফালে বিচাৰ প্ৰক্ৰিয়া চলি থকাসকলৰ আদালতে শাস্তি ঘোষণা কৰিব চলিত বৰ্ষৰ ৩০ আগষ্টত ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Video | Fan of Zubeen Garg washes his feet during a promotion show in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com