Begin typing your search above and press return to search.

দেৰগাঁও আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিষয়াৰ যৌথ অভিযান ৩ জনকৈ চোৰাংচিকাৰীক আটক

দেৰগাঁও আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিষয়াৰ যৌথ অভিযান ৩ জনকৈ চোৰাংচিকাৰীক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2019 7:28 AM GMT

দেৰগাঁও আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াৰ যৌথ অভিযানত ৩ জনকৈ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । চোৰাংচিকাৰীৰ দলটোৱে শিলবৰীৰ ফালৰে ৰাষ্ট্ৰীয় উদ্যান খনত প্ৰবেশ কৰাৰ আগ মুহূৰ্ততে আটক কৰিবলৈ সক্ষম হয়।

চিকাৰ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় উদ্যান খনত প্ৰবেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে আৰক্ষীয়ে। চোৰাংচিকাৰীৰ দলটোৰ পৰা

.303 ৰাইফল, এটা চাইলেঞ্চাৰ, এখন খুকুৰি জব্দ কৰিবলৈ সক্ষম হৈছে ।

আটক কৰা চোৰাংচিকাৰী কেইটাৰ নাম হাইলাকান্দি জিলাৰ কাত্লিচৰা আৰক্ষী থানাৰ অন্তৰ্গত হাৰি মোহন সিনহাৰ সাগৰ সিনহা, বালিজান পথাৰৰ জব্দ আলিৰ পুত্ৰ চমচেৰ আলি আৰু শিঙিমাৰীৰ আশ্ৰাউদ্দিনৰ পুত্ৰ মৰোজ আলি ।

আৰক্ষীৰ চুপাৰটেন্দেতৰ নিৰ্দেশত এই অভিযান চলাইছিল । জেৰাৰ সময়ত চোৰাংচিকাৰী কেইটায়ে স্বীকাৰ কৰে যে তেওঁলোক আৰক্ষীৰ জালৰ পৰা পলায়ন কৰিছিল ।

ৰাষ্ট্ৰীয় উদ্যান খনত গড় হত্যাৰ বাবে সাগৰ সিনহাক অৰুণাচল প্ৰদেশৰ পৰা মাতি অনা হৈছিল । বাকী দুজনক স্থানীয় লোকৰ সহায়ত আটক কৰিবলৈ সক্ষম হৈছে । চোৰাংচিকাৰী কেইটাৰ লগত প্ৰায় ৩-৪ দিনৰ খাদ্যও জব্দ কৰে আৰক্ষীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি