Begin typing your search above and press return to search.

গোৱালপাৰা জিলাত আইছিছৰ কাৰ্যকালাপত জড়িত  তিনি জেহাদীক আটক

গোৱালপাৰা জিলাত আইছিছৰ কাৰ্যকালাপত জড়িত  তিনি জেহাদীক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2019 7:48 AM GMT

গোৱালপাৰা জিলাত আইছিছৰ কাৰ্যকালাপত জড়িত তিনি জেহাদীক আটক। শনিবাৰে অসম আৰক্ষী আৰু দিল্লী আৰক্ষীৰ এক যুটীয়া অভিযানত গোৱালপাৰা জিলাত তিনিজন সন্দেহ যুক্ত জেহাদীক আটক কৰা হয় । লগতে স্পেচিয়েল চেল অফ দিল্লী আৰক্ষীৰ নেতৃত্ব প্ৰদান কৰিছিল আৰক্ষী অধীক্ষক সুনীল ৰজাইন , ৰবীন্দ্ৰ যোশী আৰু বিনোদ বাদোলাই ।

আটক হোৱা তিনি জন জেহাদী ক্ৰমে আলাবুদ্দিন চৈয়খৰ পুত্ৰ ৰঞ্জিত ইছলাম ওৰফে ৰঞ্জিত আলি ( ২৪) , জাবুইল ইছলামৰ পুত্ৰ মুকাদিৰ ইছলাম ওৰফে মোকাদ্দেছ ইছলাম ( ২২) , আৰু মহম্মদ আলিৰ পুত্ৰ লুইত জামিল জামান ( ২৪) বুলি চিনাক্ত হৈছে। এই তিনিগৰাকী ব্যক্তি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিৱাসী।

তিনি গৰাকী জেহাদীয়ে দুধনৈত ৰাস মহোৎসৱৰ কূটঘাতৰ বাবে সাজু হৈছিল। এই লোক কেইজনে দুধনৈ ৰাস মহোৎসৱত বোমা বিস্ফোৰণৰ বাবে আই ই ডি লৈ যোৱা সময়ত আৰক্ষীৰ হাতত আটক হয় ।

তেওঁলোকে বাংলাদেশত থকা আইছিছ নেতাৰ নিৰ্দেশ মৰ্মে পৰীক্ষা মূলক বিস্ফোৰণৰ বাবে সাজু হৈছিল আৰু তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ সামগ্ৰী আৰু চুৰি আদিও পোৱা গৈছে।

দিল্লী আৰক্ষীৰ এক সংবাদ মেলত আৰক্ষীয়ে সমস্ত তথ্য সাদৰী কৰে আৰু আই ই ডিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে বুলি জানিব দিয়ে।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰিছিল । তদুপৰি দিল্লী আৰক্ষীৰ চোৰাংচোৱাই জেহাদী কাৰ্যকালাপত জড়িত তথা আইছিছৰ সংস্পৰ্শলৈ অহা একাংশ লোকক চিনাক্ত কৰিছিল । তদুপৰি গোৱালপাৰাত আইছিছৰ প্ৰভাৱত চক্ৰ গঢ় লৈ উঠাৰ সম্ভেদ পাইছিল।

এই তথ্য সমূহ বিশিষ্ট অধিকাৰীয়ে অসম আৰক্ষীৰ সৈতে তথ্য আদান প্ৰদান কৰে আৰু দিল্লী আৰক্ষী আহি অসমত উপস্থিত হয় । তাৰ পিছতেই অভিযান চলাই গোৱালপাৰাত তিনি জেহাদীক আটক কৰে ।

তদুপৰি এই দলটোৱে দিল্লীত বিস্ফোৰণ কৰাৰ বাবে আই ই ডিৰ সামগ্ৰী ৰঞ্জিত ইছলাম আৰু লুইত জামিল জামানৰ ঘৰত সংগ্ৰহ কৰি ৰাখিছিল ।

অসম আৰক্ষী আৰু দিল্লী আৰক্ষীৰ যুটীয়া অভিযানৰ ফলত বহু লোকক জীৱন ৰক্ষা পৰে কিয়নো ৰাপ মহোৎসৱত বহু ভক্ত গনে ভিৰ কৰে ।

ইতিমধ্যে ইয়াৰ বাবে গোৱালপাৰা পদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: অ’ এন জি চি এল তেল চুৰি কাৰ্যত জড়িত পাচ জন লোকক আটক

ভিডিঅ প্ৰতক্ষ্য কৰক: ATASU staged candle light march in Jorhat against Citizenship Amendment Bill, 2016

Next Story
চাকৰি